‘বেংক লকাৰত চি.বি.আয়ে একো নাপালে’ : মনীষ ছিচ’দিয়া…

‘বেংক লকাৰত চি.বি.আয়ে একো নাপালে’ : মনীষ ছিচ’দিয়া…

author-image
asomiyapratidin
New Update
‘বেংক লকাৰত চি.বি.আয়ে একো নাপালে’ : মনীষ ছিচ’দিয়া…

ডিজিটেল ডেস্ক : মঙলবাৰে চি বি আয়ে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ'দিয়াৰ বেংক লকাৰত অভিযান চলায়। গাজিয়াবাদৰ বসুন্ধৰা ছেক্টৰ ৪ত থকা পঞ্জাৱ নেশ্যনেল বেংকত মনীষ ছিচ'দিয়াৰ বেংক লকাৰ আছিল। আৰু সেই লকাৰতে চি বি আয়ে তালাচী অভিযান চলায়।

মনীষ ছিচ'দিয়া আৰু তেওঁৰ পত্নীৰ উপস্থিতত এই তালাচী চলায় চি বি আয়ে। চি বি আয়ে যিটো বেংক লকাৰত তালাচী চলাইছিল সেই বেংক লকাৰতো মনীষ ছিচ'দিয়াৰ পত্নীৰ আছিল। ১৯ আগষ্টতে চি বি আয়ে লকাৰৰ চাবি আৰু বহু সামগ্ৰী লৈ লৈছিল।

মঙলবাৰে চলোৱা এই অভিযানত চি বি আয়ে লকাৰৰ পৰা একো তথ্য নাপালে। চি বি আয়ে ছিচ'দিয়াৰ ঘৰতো তালাচী চলাইছিল কিন্তু তাতো তেওঁলোকে কোনোধৰণৰ ৰহস্যজনক তথ্যৰ সম্ভেদ নাপালে। মনীষ ছিচ'দিয়াই এই ক্ষেত্ৰত কয় যে – মই নিৰ্দোষী। মোৰ সত্যৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। চি বি আয়ে আজি বেংক লকাৰত একো নাপালে। মোৰ ঘৰতো তালাচী চলাওতে একো নাপালে।

delhi india manish sisodiya