দুই ভাৰতীয়ৰ মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

দুই ভাৰতীয়ৰ মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

author-image
asomiyapratidin
New Update
দুই ভাৰতীয়ৰ মৃতদেহ ঘূৰাই নিদিয়াক লৈ উত্তপ্ত মণিপুৰৰ ম’ৰে চহৰ

ডিজিটেল সংবাদ, বেকাজান: ম্যানমাৰৰ বিদ্ৰোহী হাতত বুধবাৰে নিহত হোৱা দুই ভাৰতীয়ৰ মৃতদেহ ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো ঘূৰাই নিদিয়াৰ বাবে বুধবাৰে পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰৰ ইণ্ডো-ম্যানমাৰ সীমান্তৰ ম'ৰে চহৰ ।

Advertisment

ম্যানমাৰ কৰ্তৃপক্ষই পি মোহন আৰু এম আয়ানাৰ পৰিয়ালৰ লোকক মৃতদেহ ঘূৰাই দিয়াত কোনো গুৰুত্বপূৰ্ণ প্ৰদান নকৰাত বুধবাৰে পুৱাই শ শ ক্ষুব্ধ জনতাই ইণ্ডো ম্যানমাৰ সীমান্তৰ মৰে আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদ জনতাই শীঘ্ৰে মৃতদেহ ঘুৰাই আনিবলৈ আৰক্ষীক দাবী জনায়। ইফালে ক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ বিশাল আৰক্ষী আৰু সেনা বাহিনী মোতায়েন কৰে । এই ঘটনাৰ পাছতে ক্ষুব্ধ সীমান্তবাসীয়ে এইবাৰ মৰে চহৰৰ কাষতে থকা আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ ম্যানমাৰ সেনা চকীলৈ লক্ষ্য কৰি তীব্ৰ শিলাবৰ্ষণ কৰে । শিলাবৰ্ষণত ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে বাংকাৰত প্ৰবেশ কৰি অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে ।

সীমান্তবাসীৰ ৰুদ্ৰ ৰূপ দেখি ছত্ৰভংগ কৰাব বাবে ম্যানমাৰ ফালৰ পৰা ধাৰাসাৰ গুলিবৰ্ষণ কৰে । এই গুলি চালনাত দুজনলোক গুৰুত্বভাৱে আহত । আহত লোক দুজনক চিকিৎসাৰ বাবে ততালিকে মৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰামতে দুই ভাৰতীয়ৰ মৃতদেহ ঘূৰাই অনাৰ সন্দৰ্ভত ম্যানমাৰ কৰ্তৃপক্ষই সৈতে যোগাযোগ অব্যাহত ৰাখিছে ।

উল্লেখযোগ্য যে কালি মণিপুৰৰ মৰে চহৰত বসবাস কৰা দুগৰাকী তামিলনাডুৰ লোকক মৰে চহৰৰ পৰা ম্যানমাৰৰ তামু চহৰলৈ অটোত সামগ্ৰী কঢ়িয়াই নিছিল । দুজনকে ম্যানমাৰৰ সন্দেহজনক পিউ চাউ টু বিদ্ৰোহীয়ে গুলীয়াই নিহত কৰিছিল ।

আৰু পঢ়ক: ৰাজ্যসভালৈ দেশৰ বিশেষ ৪ গৰাকী ব্যক্তিক মনোনীত, পিটি উষাৰ লগতে আছে…

manipur myanmar