/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c852199a-57c5-4f2e-82a2-68e392365794/rahul_gandhi.jpg)
ডিজিটেল সংবাদ,বেকাজান : বিগত দুমাহৰ ধৰি গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত মণিপুৰৰ শেহতীয়া পৰিস্থিতি বুজ ল'বলৈ বৃহস্পতিবাৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী মণিপুৰত উপস্থিত হয়। কিন্তু নেতাগৰাকীক আৰক্ষীয়ে আক্ৰমণৰ আশংকাত কনভয় বন্ধ কৰাৰ পিচত বিষ্ণুপুৰত ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ হৈ পৰে। ৰাহুল গান্ধী ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f9737817-77a5-412d-846d-d83abd80866c/47ce26dd_6a04_4681_9eef_f86862ef7211.jpg)
উল্লেখযোগ্য যে অঞ্চলটোৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰিবলৈ চুৰাচান্দপুৰলৈ গৈ থকা গান্ধীৰ কনভয়ক ৰাজ্যৰ ৰাজধানীৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰৈৰ বিষ্ণুপুৰত আৰক্ষীয়ে ৰখাই দিয়ে। ইয়াৰ পূৰ্বে তেওঁ দিল্লীৰ পৰা ইম্ফলত অৱতৰণ কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5b59bf08-da0c-49b4-ad27-99ad359e5f28/43131d99_11b6_42f9_9ec7_de8a6bd7285f.jpg)
আৰক্ষী বিষয়াসকলে উল্লেখ কৰা মতে, গান্ধীৰ নিৰাপত্তাৰক্ষীৰ ভাবুকি আহিছে সেয়ে পথটোত হিংসাত্মক পৰিস্থিতিৰ আশংকাত কনভয়টো বন্ধ কৰি দিয়ে। ৰাহুল গান্ধীক আগবাঢ়ি যাবলৈ দিয়াৰ ৰিস্ক তেওঁলোকে ল’ব নোৱাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/36b68f83-e12c-43f4-bdb4-60fad4fab65c/ece21db9_367a_49e2_92ed_3119c52ad332.jpg)
অৱশ্যে কংগ্ৰেছে অভিযোগ কৰে যে, কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে গান্ধীৰ ভ্ৰমণ স্থবিৰ কৰিবলৈ স্বৈৰাচাৰী শাসন ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ বিপৰ্যয়জনক চৰকাৰসমূহে ৰাহুল গান্ধীৰ ভ্ৰমণ স্তব্ধ কৰিবলৈ স্বৈৰাচাৰী পদ্ধতি ব্যৱহাৰ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8278c685-fee8-4f3e-b779-cb62d31e1233/2151cb72_8cfe_45b8_8e0d_748863d3020b.jpg)
"এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু সকলো সাংবিধানিক আৰু গণতান্ত্ৰিক নীতি-নিয়ম ভাঙি পেলায়।" কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে টুইট কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে, মোডী চৰকাৰে গান্ধীক সাহায্য শিবিৰলৈ যোৱা আৰু ইম্ফলৰ বাহিৰৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰাত বাধা দিয়াটো অতি দুৰ্ভাগ্যজনক।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b713091a-ccfe-436c-87bb-0432130c330f/461d1f31_3183_465a_b13a_3220199e4717.jpg)
প্ৰধানমন্ত্ৰীয়ে হয়তো মৌন হৈ থাকিবলৈ বা নিষ্ক্ৰিয় হৈ থাকিবলৈ বাছি ল’ব পাৰে ।কিন্তু মণিপুৰী সমাজৰ সকলো শ্ৰেণীৰ কথা শুনি নিৰাময়ৰ স্পৰ্শ প্ৰদানৰ বাবে ৰাহুল গান্ধীৰ প্ৰচেষ্টা বন্ধ কিয় কৰে বুলি ৰমেশে প্ৰশ্ন কৰে।
দলটোৰ ৰাজ্যিক সভাপতি কেইশম মেঘচন্দ্ৰই অভিযোগ কৰে যে, গান্ধীৰ কনভয় বন্ধ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পৰা আহিছিল। কাৰণ সকলোৱে তেওঁক আদৰণি জনাইছিল। বিষ্ণুপুৰ জিলাৰ উটলৌ গাঁৱৰ সমীপৰ ঘাইপথত টায়াৰ জ্বলাই কনভয়ৰ ওপৰত দুই এটা শিলগুটি নিক্ষেপ কৰা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
আৰক্ষী বিষয়াই উল্লেখ কৰে যে, এনে ঘটনাৰ পুনৰাবৃত্তিৰ আশংকা কৰা হৈছে আৰু সেয়েহে সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিষ্ণুপুৰত কনভয়ক ৰৈ যাবলৈ অনুৰোধ জনোৱা হৈছে।
Also Read: কাজলগাঁৱৰ আবৰ্ত্ত ভৱনৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ