/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/morigaon.jpg)
ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও জিলাৰ লাহৰীঘাটৰ কুশতলিত আজিও শোকাকুল পৰিৱেশ। ইজনৰ পিছত সিজনৰ মৃতদেহ আহিয়ে আছে গাঁও খনলৈ। বৃহস্পতিবাৰে পুৱা চাৰিবজাত আহি পালে গাওঁখনৰ আন এজন শ্ৰমিক যুৱক ৰামু ফুকনৰ মৃতদেহ।
এতিয়ালৈ কুশতলিৰ খুড়া গোহাঁই বৰী গাওঁখনৰ মুঠ দহ জনৰ মৃতদেহ আহি পালে। পিছে আহি নাপালে আজিও উপেন্দ্ৰ কোৱৰৰ মৃতদেহ। কেতিয়া আহি পাব সেই তথ্যও নাই কাৰো হাতত।এক হৃদয়বিদাৰক দৃশ্য দেখা উপেন্দ্ৰৰ ঘৰখনত।
উপেন্দ্ৰৰ ঘৰত আছে পত্নী, কনমানি কন্যা সন্তান। কনমানি জনীৰ বয়স ৩ বছৰ। উপেন্দ্ৰৰ পত্নী মামনি বৰদলৈ।উপেন্দ্ৰ থাকিছিল পত্নীৰ মাহীয়েকৰ ঘৰতে।এটা সৰু জুপুৰি ঘৰতে থাকে উপেন্দ্ৰৰ পৰিয়াল।
গাওঁখনৰ আন শ্ৰমিক সকলৰ লগত উপেন্দ্ৰও গৈছিল মণিপুৰলৈ কামৰ সন্ধানত।মনিপুৰৰ সেই অভিশপ্ত পাহাৰৰ পৰা খহি পৰা ভূমিস্খলনত সন্ধানহীন হৈ আছে উপেন্দ্ৰ। ইপিনে উপেন্দ্ৰক লৈ দুখত ম্ৰিয়মান পত্নী।উপেন্দ্ৰৰ পত্নী বৰ্তমান অন্তঃসত্বা। গৰ্ভত ছমহীয়া সন্তান। মুৰত যেন আকাশ খন ভাগি পৰিছে।হাজাৰ প্ৰশ্নই আগুৰি ধৰিছে এতিয়া মামনিক। ঘৰলৈ যে জীৱন্ত অৱস্থাত স্বামী আহি নাপাই সেয়া একপ্ৰকাৰ নিশ্চিত। আহিব নে উপেন্দ্ৰ ৰ মৃত শৰীৰ ? সেয়াও তথ্য নাই কাৰো হাতত।
এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে ঘৰ খনত।উপাৰ্জন কৰা একমাত্ৰ মানুহ জনেই নোহোৱা হৈ আছে।কিদৰে সংসাৰ খন আগবঢ়াই নিব তাকে লৈ ভাবি পাৰ পোৱা নাই উপেন্দ্ৰৰ পত্নী আৰু শাহুৱেকে।তাৰ পিছতো আশা এৰি দিয়া নাই।মৃতদেহ টো চাবলৈ ৰৈ আছে সকলো।