ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে লাগিব আৰু ৩ দিনঃ সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি….

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে লাগিব আৰু ৩ দিনঃ সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি….

author-image
asomiyapratidin
New Update
হাফলঙৰ পিছত মণিপুৰৰ ন’নে জিলাঃ পাহাৰ খনন কৰি ৰে’ল পথ নিৰ্মাণেই হ’ল কাল ! কিদৰে সংঘটিত হৈছিল ভয়াৱহ ভূমিস্খলন…

ডিজিটেল ডেস্কঃ মণিপুৰৰ ন'নে জিলাত বুধবাৰে নিশা সংঘটিত হোৱা ভয়াৱহ ভূমিস্খসলনত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। মণিপুৰক ভাৰতীয় ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ ন'নে জিলাত চলি থকা ৰে'ল লাই নিৰ্মাণৰ কামত ব্যস্ত থকা শ্ৰমিক আৰু ইয়াৰ সুৰক্ষাত নিয়োজিত হৈ থা টেৰিটৰিয়েল আৰ্মি, ৰে'লৱৰ বিষয়া এই ভূমিস্খলনৰ ঘটনাত মৃত্যু মুখত পৰিছে।

মণিপুৰৰ জিৰিবাম-ইম্ফল সংযোগী ৰে'ল প্ৰকল্পত সংঘটিত হোৱা এই ঘটনাত এটা পাহাৰৰ খহি টেৰিটৰিয়েল আৰ্মি, শ্ৰমিক শিবিৰ আৰু ৰে'লৱে ৰেষ্ট হাউচ পুতি পেলোৱাৰ ফলত মুঠ ৮১ জন লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে যদিও বৰ্তমানলৈকে মাত্ৰ ২০ জনৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও মাটিৰ তলত ৫৫ গৰাকী লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।

ইফালে উদ্ধাৰকাৰীয়ে আহত অৱস্থাত থকা বহু কেইজন শ্ৰমিক, জোৱান তথা ৰে'লৱেৰ বিষয়াক উদ্ধাৰ কৰিছিল যদিও হাস্পতালত বহুকেইজনে মৃত্যুক সাৱটি লয়। অসমৰ বজালী জিলাৰ এগৰাকী জোৱানৰ লগতে লাহৰিঘাটৰ ১ জন শ্ৰমিক মৃত্যু হোৱাৰ তথ্য শুকুৰবাৰে প্ৰকাশ পোৱাৰ পিছত এই পৰ্যন্ত ৪ গৰাকী শ্ৰমিক মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

উল্লেখ্য যে উক্ত ৰে'ল প্ৰকল্পত অসমৰ ২৩ গৰাকীকৈ শ্ৰমিকে কাম কৰি আছিল। ইয়াৰে ১৭ জনেই বৰ্তমানেও সন্ধানহীন হৈ আছে। ইফালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযানৰ বুজ লৈছে। তেওঁ এই উদ্ধাৰ অভিযান তথা সন্ধানহীন সকলো ব্যক্তিকে উদ্ধাৰ কৰিবলৈ আৰু ২/৩ দিন সময় লাগিব বুলি উল্লেখ কৰিছে। সেনাবাহিনীয়ে চলাই থকা এই উদ্ধাৰ অভিযানত অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব বুলিও প্ৰকাশ কৰা হৈছে।