চুকাফানগৰ নামঘৰত মণিকূট আৰু আসন প্ৰতিষ্ঠা...

পুৱা প্ৰাত: প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি হিৰেশ্বৰ তামুলীয়ে

author-image
Asomiya Pratidin
New Update
চুকাফানগৰ নামঘৰত মণিকূট আৰু আসন প্ৰতিষ্ঠা...

ডিজিটেল সংবাদ,চৰাইদেউঃ চৰাইদেউ জিলাৰ ঐতিহাসিক শ’ধোৱা পুখুৰী পৰাত অৱস্থিত চুকাফা নগৰ আঠকোণীয়া নামঘৰৰ আজি মাংগলিক কাৰ্যসূচীৰে মণিকূট আৰু গুৰু আসন প্ৰতিষ্ঠা কৰা হয়৷ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পুৱা প্ৰাত প্ৰসংগৰ পিছতে ধৰ্মধ্বজা উত্তোলন কৰে বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি হিৰেশ্বৰ তামুলীয়ে ৷ ইয়াৰ পিছতে অঞ্চলটোৰ ধৰ্ম প্ৰাণ ভকত বৈষ্ণৱ, আই - মাতৃ সকলে গায়ন বায়ন  আৰু মাংগলিক ধ্বনিৰে গুৰু আসনলৈ শোভাযাত্ৰা কৰি নামঘৰলৈ আদৰি আনে ।

Advertisment

নৱ নিৰ্মিত নামঘৰটোত এক আধ্যাত্মিক পৰিবেশত ৰাইজৰ সহযোগত মণিকূট উদ্বোধন কৰাৰ লগতে গুৰু আসন ভাগ প্ৰতিষ্ঠা কৰে শ্ৰীপুৰ গজলা সত্ৰৰ সত্ৰাধিকাৰ ৰবীন মহন্তয়ে ৷দাতিকাষৰীয়া কেইবাখনো গাঁৱৰ গ ভকত বৈষ্ণবৰ উপস্থিতি শৰাই প্ৰতিষ্ঠা কৰি নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ ও সম্পন্ন কৰে ৷

assam charaideo