/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/krish-nai-2.jpg)
ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত তথা মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ মানিকগঞ্জত শনিবাৰে চিবিএছই পাঠ্যক্ৰমৰ এখন নতুন বিদ্যালয় 'নৰ্থ ইষ্ট নেচনেল একাডেমী'ৰ শুভ উদ্ধোধন কৰা হয়৷ বিদ্যালয়খনৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে মেন্দিপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক মাৰ্থন জে চাংমাই৷ উদ্ধোধন কৰাৰ পাছতে ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, চিবিএছই পাঠ্যক্ৰমৰ এই বিদ্যালয়খনে ৰাভা আৰু গাৰো জনগোষ্ঠীৰ বসতিপ্ৰধান অঞ্চলটোত শিক্ষাৰ এক নতুন পৰিৱেশ সূচনা তুলিব৷
নৰ্থ ইষ্ট ফাউণ্ডেচন নামৰ বেচৰকাৰী অনুষ্ঠানৰ উদ্যোগত স্থাপন কৰা বিদ্যালয়খনত আধুনিক শিক্ষা পদ্ধতিৰ সকলোবোৰ সা-সুবিধা উপলব্ধ থাকিব৷ বিদ্যালয়খনত শ্ৰেণীকোঠাৰ পাঠ্যক্ৰমৰ উপৰিও বহিঃপাঠ্যক্ৰম নৃত্য যোগাসন, আৰ্ট, ইক'ক্লাৱ আদিৰ সুবিধা থাকিব৷ ২০১৯-২০ বৰ্ষৰ বাবে নাৰ্চাৰীৰ পৰা তৃতীয় শ্ৰেণীলৈ নামভৰ্তিকৰণ কৰা হ'ব আৰু পিছলৈ পৰ্যায় ক্ৰমে দ্বাদশ শ্ৰেণীলৈ উন্নীতকৰণ কৰা হ'ব৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/krish-nai.jpg)
বিদ্যালয় শুভ উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় নৰ্থ ইষ্ট ফাউণ্ডেচনৰ সম্পাদক পুলিন হাটোই৷ তেওঁ আদৰণি ভাষণত তেওঁলোকৰ বেচৰকাৰী সংস্থাটোৱে পিছপৰা অঞ্চলত শিক্ষাৰ বাতাবৰণ সৃষ্টি কৰা, জীৱন-জীৱিকাৰ মান উন্নত কৰা আদি বিষয়ত গুৰুত্ব প্ৰদান কৰি অহাৰ কথা উল্লেখ কৰে। ইয়াৰ লগতে মানিকগঞ্জত শিক্ষাৰ মান উন্নত কৰাৰ বাবে এই বিদ্যালয়খন আৰম্ভ কৰাৰ লগতে এনেধৰণৰ একেই বিদ্যালয় টিকিলকিল্লাত খোলা হব বুলি তেওঁ মন্তব্য কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/krish-nai-1.jpg)
মানিকগঞ্জ বিদ্যালয়ৰ শিক্ষক সঞ্জয় ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত উদ্ধোধনী সভাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভা, মানিকগঞ্জ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন কুমাৰ ৰাভা, গোৱালপাৰাৰ কলা চাউলৰ স্ৰষ্টা তথা আদৰ্শ খেতিয়ক উপেন্দ্ৰ ৰাভা, মেঘালয় ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাদেখ ৰাভাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷