/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/1384ad99-4cac-44a6-8e49-c0d15ca231ea.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ বহু জল্পনা-কল্পনাৰ অন্তত দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগণনা আজি সম্পন্ন হয়। অসমৰো ৫১ টা ভোটগণনা কেন্দ্ৰত একে সময়তে ভোটগণনা কাৰ্য সম্পন্ন হয়। এই ভোটগণনাৰ জৰিয়তে ৰাজ্যৰ ১৪৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ল। ৰাজ্যখনৰ অন্যতম লোকসভা সমষ্টি ৮ নম্বৰ মঙ্গলদৈ লোকসভা সমষ্টি পূৰ্ৱৰ দৰে পুনৰ বিজেপি দলটোৱে দখল কৰিলে।
লোকসভা সমষ্টিটোৰ অন্তৰ্গত ওদালগুৰি জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি ক্ৰমে ৬৪ নম্বৰ পানেৰী, ৬৯ নম্বৰ ওদালগুৰি আৰু ৭০ নম্বৰ মাজবাটৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয় ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ ভোটগণনা কক্ষত। ভোটগণনাৰ প্ৰথমাৱস্থাৰ পৰাই ক্ৰমাগতভাৱে অগ্ৰগতিৰ ধাৰা অক্ষুন্ন ৰাখি অৱশেষত জয়ৰ লক্ষ্যত উপনীত হোৱা বিজেপি দলৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়াই ওদালগৰি জিলাৰ তিনিওতা সমষ্টিত সৰ্বাধিক ভোট লাভ কৰি অভিলেখ সৃষ্টি কৰে।
বাতৰি লিখা পৰলৈ সমগ্ৰ মঙ্গলদৈ সমষ্টিটোত প্ৰথম স্থানত বিজেপিৰ প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়াই ৫,৭৪,৩৯০টা ভোট, দ্বিতীয় স্থানত কংগ্ৰেছৰ ভূৱনেশ্বৰ কলিতাই ৪,৮৭,০১৪টা ভোট আৰু তৃতীয় স্থানত ইউপিপিএলৰ প্ৰদীপ কুমাৰ দৈমাৰীয়ে ৮৪,০৪৯ টা ভোট লাভ কৰে। প্ৰাপ্ত তথ্য অনুসৰি ৭০ নং মাজবাট বিধান সভা সমষ্টিত ভোটগণনা সম্পূৰ্ণ হোৱাৰ অন্তত বিজেপিয়ে ৫৩,৪৬৮ কংগ্ৰেছে ৩৯,৫৩৪টা আৰু ইউ পি পি এলে ১৮,৯০৮ টাকৈ ভোট লাভ কৰে। আনহাতে ৬৪ নং পানেৰী বিধানসভা সমষ্টিত বিজেপিয়ে ৬৮,১৯৪টা কংগ্ৰেছে ১৭২৮২টা আৰু ইউ পি পি এলে লাভ কৰে ১৮৭২৮টা ভোট। লগতে ৬৯ নং ওদালগুৰি সমষ্টিত বিজেপিয়ে ৫৫,৩০১ টা, কংগ্ৰেছে ১৭,২৯৬টা আৰু ইউ পি পি এলে লাভ কৰে ৩০,৩৮৪টা ভোট। তিনিওটা সমষ্টিত বিজেপিয়ে ১,৭৬,৯৬৩ টা, কংগ্ৰেছে ৭৪,১১২টা আৰু ইউপি এলে ৬৯,০২০টা ভোট লাভ কৰে।
অৱশ্যে কিছুসংখ্যক ভিভিপেটৰ গণনা এতিয়াও বাকী আছে। ইয়াৰ মাজতে ওদালগুৰিৰ ভোটগণনা কেন্দ্ৰ পৰিদৰ্শন কৰে বিজেপি প্ৰাৰ্থী দিলীপ কুমাৰ শইকীয়াই। ভোটগ্ৰহণস্থলীত উপস্থিত দলীয় কৰ্মীৰ সৈতে প্ৰাৰ্থীগৰাকীয়ে মত ব্যক্ত কৰি পোনে পোনে জিলা সমিতিৰ কাৰ্যালয়লৈ যায়। ইফালে সাংবাদিকৰ সৈতে মত ব্যক্ত কৰি শইকীয়াই সমূহ সমষ্টিৱাসীক ধন্যবাদ জ্ঞাপন কৰে।
লগতে তেওঁ আগন্তুক দিনত সংসদত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি সমষ্টিৱাসীৰ হৈ মাত মাতি যাব বুলি উল্লেখ কৰে। তেওঁ কয় যে নিৰ্বাচনৰ প্ৰাকক্ষণত তেওঁ সমষ্টিটোৰ এশ শতাংশ ঠাই পৰিদৰ্শন কৰিবলৈ সক্ষম নহ'ল যদিও সাংসদ হৈ সেই স্থান পৰিদৰ্শন কৰি উন্নয়ণৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ কথা জানিবলৈ দিয়ে।