/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/da61e74a-2992-45dd-a696-9af86463b7a0.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে ৪৭ টা বিজ্ঞান প্ৰকল্প প্ৰদৰ্শনেৰে শুক্ৰবাৰে চমক সৃষ্টি কৰে। জলবিদ্যুৎ প্ৰকল্প, পানীৰ ভাপেৰে চালিত জে চি বি, বায়ু প্ৰদূষণ, সৌৰ শক্তিৰ সহায়ত পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ, স্মাৰ্ট হোম, বৰষুণৰ পানী সংৰক্ষণ আৰু ব্যৱহাৰ, বানপানী নিয়ন্ত্ৰণ ব্যৱস্থা, হাইড্ৰলিক ব্ৰীজ, ভাপ ইঞ্জিন, ৰবট হেণ্ড, স্পাইডাৰ মকৰা, জলচক্ৰ, চিৰিয়াখানা, পানী বিশুদ্ধকৰণ, সৌৰশক্তিৰে খেতি পথাৰত পানী দিয়া, অটোমেটিক ষ্ট্ৰীট লাইট, আগ্নেয়গিৰি উদগীৰণ, বেটাৰী চালিত পাংখা, এ টি এম বেংক, শিকণ প্ৰণালী, স্মাৰ্ট ডাষ্টবিন, জুই নুমুৱা পদ্ধতি, গাঁৱৰ কৃষি পদ্ধতি, স্বচ্ছ পৰিয়াল, ভেকুলীৰ জীৱন চক্ৰ, উদ্যানকে ধৰি বিভিন্ন বিজ্ঞান প্ৰকল্প ছাত্ৰ ছাত্ৰী সকলে উপস্থাপন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/cb927a0a-1daa-4d50-b401-d186fc90787b.jpg)
নিকেতন পৰিচালনা সমিতিৰ সভাপতি ডাঃ খনিন্দ্ৰ কুমাৰ দত্ত পৰ্যবেক্ষক হিচাপে থকা এই বিজ্ঞান প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ 'ক' শাখাত বিবেক দেৱনাথ আৰু কৌশিক ডেকা প্ৰথম, স্বপ্ননীল নাথ আৰু লক্ষ্য ডেকা দ্বিতীয়, ৰিংকী ডেকা আৰু জিম্পী চলিহা তৃতীয়; 'খ' শাখাত কক্ষৰাজ ডেকা আৰু শুভঙ্কৰ তামুলী প্ৰথম, হিমন্তজিৎ কটকী আৰু প্ৰেম ঘোষ দ্বিতীয়, নিশান্ত চহৰীয়া আৰু শংকৰজ্যোতি নাথ তৃতীয় আৰু 'গ' শাখাত ৰাকেশ নাথ আৰু প্ৰাচুৰ্য্য কলিতা প্ৰথম, হিমাংশু ৰঞ্জন শৰ্মা আৰু ময়ূখ শিবম কাশ্যপ দ্বিতীয়, বিশাল নাথ আৰু মৃন্ময় শৰ্মাই তৃতীয় স্থান লাভ কৰে। প্ৰতিযোগিতাৰ বিচাৰকৰ আসন শুৱনি কৰে বৰ্ণালী কলিতা আৰু পম্পী চহৰীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/02/da61e74a-2992-45dd-a696-9af86463b7a0.jpg)