মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস...

মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস...

ডিজিটেল সংবাদ, মঙলদৈঃ জিলাখনৰ সাংবাদিকসকলৰ এক উল্লেখযোগ্য অনুস্থান মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস দেওবাৰে অনুষ্ঠিত হয়। মঙলদৈ প্ৰেছ ক্লাবৰ ৩০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯বজাত ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মদন চন্দ্ৰ বৰুৱাই।

পতাকা উত্তোলন কৰি বৰুৱাই কয় যে মঙলদৈ প্ৰেছ ক্লাবে জিলাখনৰ আৰ্থ সামাজিক সাংস্কৃতিক আদি দিশ জনসাধাৰণৰ ওচৰত দাঙি ধৰি সাংবাদিকতাৰ বৃত্তি সঠিকভাৱে পালন কৰি আহিছে। এই ক্ষেত্ৰত মঙলদৈ প্ৰেছ ক্লাবৰ সমুহ সদস্য ধন্যবাদৰ পাত্ৰ।

পতাকা উত্তোলন কাৰ্য্যসূচীৰ পিছতে প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক লক্ষী নন্দন কলিতাই স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰি প্ৰেছ ক্লাবৰ প্ৰয়াত সদস্যসকলৰ উপৰিও অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা মহান পুণ্যত্মা সকলক স্মৰণ কৰে। এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংবাদিক হোমেন কাকতি, আচ্ছাদ আলি,লোকেশ্বৰ বৰুৱা, গৌতম চহৰীয়া, প্ৰবীণ বৰুৱা, উজ্বল ডেকা, পংকজ চৰকাৰৰ লগতে প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকাই।

প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনৰ ১০বজাৰ পৰা ক্লাবৰ উপ সভাপতি, সাংবাদিক তথা বিশিষ্ট আলোক চিত্ৰশিল্পী দুলাল ডেকাৰ সভাপতিত্ব এক অন্তৰঙ্গ আলাপ অনুস্থান অনুষ্ঠিত হয়। এই অন্তৰঙ্গ আলাপ অনুস্থানত অংশগ্ৰহণ কৰে মকচেদ আহমেদ, দ্বীপেন বৰুৱা, পংকজ শৰ্মা , কৌশিক ভৰদ্বাজ,ধৰ্ম বৰুৱা,গগন চহৰীয়া, কিশোৰ কলিতা, প্ৰাঞ্জল মহন্ত, প্ৰাঞ্জল শৰ্মা, অজয় ডেকা, ভবেশ কলিতা, মৃদুল হাজৰিকা, নিকুঞ্জ শৰ্মা, ৰূপম বৰাৰ লগতে প্ৰেছ ক্লাবৰ সদস্য সকলে।

ক্লাবৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ন কৰে। বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত মূখ্য প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক তথা মঙলদৈ প্ৰেছ ক্লাৱৰ উপসভাপতি মুকুট ৰাজ শৰ্মাই, বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত সহ যোগ কৰে ক্লাবৰ উপদেষ্টা তথা জ্যেষ্ঠ সাংবাদিক আব্দুল খালেক, দিগন্ত কুমাৰ শৰ্মা, দেৱব্ৰত গোস্বামী, নৱ মহন্ত, ঋষিপদ চহৰীয়াই।

মঙলদৈ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস...
পুন:গঠন আলফা স্বাধীনৰ নিম্ন পৰিষদৰ কাৰ্যকৰী সমিতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in