মঙলদৈত অঘটনঃ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা দুই মহিলাক মহতিয়াই নিলে বাহনে...

মঙলদৈত অঘটনঃ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা দুই মহিলাক মহতিয়াই নিলে বাহনে...

author-image
Asomiya Pratidin
New Update
মঙলদৈত অঘটনঃ প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা দুই মহিলাক মহতিয়াই নিলে বাহনে...

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ পিপৰা দোকানৰ সমীপৰ শাকতোলাত শুক্ৰবাৰে ৰাতিপুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত প্ৰাত: ভ্ৰমণলৈ ওলাই অহা দুগৰাকী মহিলাক অচিনাক্ত বাহনে মহতিয়াই নিয়ে।

Advertisment

এই ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এগৰাকী সংকটজনক অৱস্থাত মঙলদৈ অসমৰিক চিকিৎসালয়ত মৃত্যু হয় ৷

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা মহিলাগৰাকীৰ নাম ৰিনা বৰুৱা আৰু চিকিৎসালয়ত মৃত্যু হয় জাহ্নু বৰুৱা। নিহত মহিলা দুগৰাকী পটালচিং পাৰাৰ বুলি জানিব পৰা গৈছে।

Also Read: ২০আগষ্টত চতিয়া দিৱসঃ বিধানসভাৰ সিদ্ধান্তৰ পাছতে চতিয়াত আনন্দৰ জোৱাঁৰ...

মঙলদৈ