/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/9375b95a-1f15-401a-b8dd-80e18b7097ab/mangaldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰঙৰ মহিলা সমাজৰ বাবে সু খবৰ। নাৰী শিক্ষাৰ বাবে পিছপৰা পূব মঙলদৈত শনিবাৰে মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। এই মহিলা মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্রমোহান পাটোৱাৰীয়ে।
অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মোহন, সাংসদ দিলীপ শইকীয়া আৰু তিনি বিধায়ক ক্ৰমে বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মজিবুৰ ৰহমান।
মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপনে দৰং জিলাত মহিলা শিক্ষাৰ এক নতুন আশা সঞ্চাৰ কৰে জিলা খনৰ বৌদ্ধিক সমাজৰ মাজত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us