মঙলদৈত উপস্থিত অসম আৰক্ষীৰ আইন শৃংখলাৰ শীৰ্ষ বিষয়া জি পি সিং…

মঙলদৈত উপস্থিত  অসম আৰক্ষীৰ আইন শৃংখলাৰ শীৰ্ষ বিষয়া জি পি সিং…

ডিজিটেল সংবাদ ,মঙলদৈঃ আকস্মিক ভাৱে বৃহস্পতি বাৰে মঙলদৈত উপস্থিত হয় অসম আৰক্ষীৰ আইন শৃংখলাৰ শীৰ্ষ বিষয়া জি পি সিং। মঙলদৈ আৰক্ষীৰ অতিথি শালাত আৰক্ষীৰ গাৰ্ড অৱ অনাৰ গ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত বিষয়া গৰাকীয়ে প্ৰকাশ কৰে যে দুৰ্নীতি নিবাৰক শাখাই যোৱা এবছৰত ৪৩ জন দুৰ্নীতিগ্ৰস্ত বিষয়াক হাতে লোতে আটক কৰিছে। অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্থ বিষয়া সকলৰ বিৰুদ্ধে চাৰ্চ চিট দাখিল কৰা হ'ব। ফৰেইনচিক কেমিকেল ৰিপোৰ্টৰ বাবে কিছু দেৰি হৈছে বুলি প্ৰকাশ কৰে।

বিষয়া গৰাকীয়ে উল্লেখ কৰে যে, দুৰ্নীতি নিবাৰক শাখাৰ এই অভিযানৰ পিছত কাৰ্যালয় সমূহত দুৰ্নীতি কমিছে। ৰাইজ আৰু সামাজিক মাধ্যমৰ পৰা দুৰ্নীতি নিবাৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় পাইছো। ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰতিদিনে সামাজিক মাধ্যমৰ পৰা খবৰ পাবলৈ সক্ষম হৈছো। উল্লেখযোগ্য যে যোৱা আগষ্ট মাহত ১৪ জন চৰকাৰী বিষয়াক আটক কৰা হৈছে। মুখ্যমন্ত্ৰীৰ পৰা দুৰ্নীতি নিবাৰণৰ বাবে নিৰ্দেশ পোৱা গৈছে। সময় এবছৰ দুবছৰ লাগিব পাৰে কিন্তু আমি দুৰ্নীতি নিবাৰণ কৰিবলৈ সক্ষম হ'ম বুলি কয়।

জি পি সিঙে লগতে উল্লেখ কৰে যে যোৱা এবছৰ ধৰি অসমত চলি থকা জেহাদীৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি ফেব্ৰুৱাৰী মাহৰ পৰা ৪০ টা জেহাদীক আটক কৰিবলৈ সক্ষম হৈছে। ২০১৪ চনৰ আগতে কিছু লোক অলকাইডাৰ প্ৰতি আকৃষ্ট হৈছিল। বৰ্তমানেও আটক হোৱা জেহাদী সকলৰ আন্তঃৰাষ্ট্ৰীয় কোনো উগ্ৰপন্থী সংগঠনৰ লগত সু সম্পৰ্ক আছে বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in