/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/mangaldoi.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ ২০০৯ চনৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাই অৱশেষত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত মঙ্গলদৈ লোকসভা সমষ্টিৰ ভোটদানৰ হাৰ হ'লগৈ ৮২.১৩শতাংশ। এই ভোটদানৰ হাৰ ২০০৯ চনৰ নিৰ্বাচনত ৬৯.৭৭ শতাংশ থকাৰ বিপৰীতে ২০১৪ চনৰ নিৰ্বাচনত আছিল ৮১.৩৭%। বৃহস্পতিবাৰে ৰাজ্যত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আন সমষ্টিসমূহৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিতো অনুষ্ঠিত হৈছিল। মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত দহটাকৈ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল ১৭,৯৫,৫২৯ গৰাকী।
দহোটা বিধানসভা সমষ্টিৰ ভিতৰত ৯০.৮৫ শতাংশৰে ভোটদানৰ হাৰ সৰ্বাধিক আছিল দলগাওঁ বিধানসভা সমষ্টিত। আন বিধানসভা সমষ্টিসমূহৰ ভিতৰত ৫৬নং কমলপুৰত ৮০.৭১ শতাংশ, ৫৭নং ৰঙিয়াত ৮১.৩ শতাংশ, ৫৯নং নলবাৰীত ৮৪.২৬ শতাংশ, ৬৪নং পানেৰীত ৭৭ শতাংশ, ৬৫নং কলাইগাঁৱত ৮২.৪২ শতাংশ, ৬৬নং ছিপাঝাৰত ৮২.৩৪ শতাংশ, ৬৭নং মঙ্গলদৈত ৮৬..২৯ শতাংশ, ৬৮নং দলগাঁৱত ৯০.৮৫ শতাংশ, ৬৯নং ওদালগুৰিত ৭৮.৬ শতাংশ আৰু ৭০ নং মাজবাটত ৭৭.৬১ শতাংশ।
ইফালে ওদালগুৰি জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে পানেৰী, ওদালগুৰি আৰু মাজবাটত এইবাৰ গঢ় ভোটদানৰ হাৰ হয়গৈ ৭৭.৭৩ শতাংশ। জিলাখনৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত বৃহস্পতিবাৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়তকৈ পলম হোৱাত প্ৰকৃত ভোটদানৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও শুকুৰবাৰে ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিভাগে চূড়ান্ত ভোটদানৰ তথ্য সাংবাদিকক যোগান ধৰিবলৈ সক্ষম হয়।
জিলাখনৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিত কেইবাটাও ইভিএম বিসংগতি তথা বিকল হোৱাৰ খবৰ আহিছিল যদিও পৰৱৰ্তী সময়ত এই সমস্যা সমাধান কৰে জিলা প্ৰশাসনে। ফলত জিলাখনৰ কোনো ভোটগ্ৰহণ কেন্দ্ৰত এইমূহুৰ্তলৈ পুনৰ ভোটগ্ৰহণৰ খবৰ লাভ কৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us