মঙলদৈত অসমীয়া গীতৰ অনন্য প্রতিযোগিতা “সুৰৰ এদিন”…

মঙলদৈত অসমীয়া গীতৰ অনন্য প্রতিযোগিতা “সুৰৰ এদিন”…

author-image
asomiyapratidin
New Update
মঙলদৈত অসমীয়া গীতৰ অনন্য প্রতিযোগিতা “সুৰৰ এদিন”…

ডিজিটেল সংবাদ, মঙলদৈ : অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ন-পুৰণি শিল্পীসকলৰ উত্তৰণ আৰু এখন উপযুক্ত মঞ্চ প্ৰদানৰ উদ্দেশ্যে গঠিত হোৱা স্বেচ্ছাসেৱী সংগঠন 'বাৰে ৰহণীয়া সাংস্কৃতিক মঞ্চ- অসম'ৰ উদ্যোগত অহা ১১ ছেপ্তেম্বৰ, ২০২২ তাৰিখ দেওবাৰে মঙলদৈ জিলা পুথিভঁড়ালত পুৱা ৯ বজাৰ পৰা 'সুৰৰ এদিন' শীৰ্ষক অসম ভিত্তিত অসমীয়া গীতৰ এখনি প্রতিযোগিতা অনুষ্ঠিত কৰা হ'ব।

Advertisment

"বাৰে ৰহনীয়া সাংস্কৃতিক মঞ্চ অসম"ৰ সভাপতি ডাঃ মৃন্ময় কুমাৰ নাথে জনোৱা মতে মঙলদৈৰ এচাম সাংস্কৃতিবান ব্যক্তিৰ প্রচেষ্টাত ১৯৯৯ চনতে মঙলদৈত প্রথম "সুৰৰ এদিন" শীৰ্ষক অসমীয়া গীতৰ এই অনন্য প্রতিযোগিতা খনি অনুষ্ঠিত হৈছিল। কিন্তু বিভিন্ন কাৰণত ৪ বছৰ সফলতাৰে অনুষ্ঠিত হোৱাৰ পিছৰে পৰা এই প্রতিযোগিতা খনি স্থবিৰ হৈ আছিল।

প্রতিযোগিতা খনিত প্রথম পুৰষ্কাৰ ১০,০০০/- টকাৰ পৰা আৰম্ভ হৈ দশম পুৰষ্কাৰ ১০০০/- টকালৈ মুঠ দহটা পুৰষ্কাৰ থাকিব। প্ৰতিযোগীসকলৰ বাবে যাবতীয় প্ৰ-পত্ৰসমূহ যোৱা ১ আগষ্ট ২০২২ তাৰিখৰ পৰা ইউথ ক্লাব, মঙলদৈ আৰু জ্যোতি বুক ষ্টল, মঙলদৈ তথা অনলাইন যোগে উপলব্ধ হৈছে। প্রতিযোগিতাৰ ভৰ্তি মাছুল ২০০ টকা। প্রতিযোগী সকলে এই প্রতিযোগিতা খনিত মাথো অসমীয়া গীত মাতহে পৰিবেশন কৰিব লাগিব।

সভাপতি গৰাকীয়ে জনোৱা মতে অসম তথা বলিউডৰ কিংবদন্তি গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক যুটি জিতু-তপন এই প্রতিযোগিতা খনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আৰু সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য কৃতিত্বৰ স্বীকৃতি হিচাবে এই "সুৰৰ এদিন"ৰ অনুষ্ঠানতে জিতু-তপনক "সংগীত জ্যোতি" উপাধি প্রদান কৰা হ'ব।

লগতে উক্ত অনুষ্ঠানত অসমৰ বহু কেইগৰাকী বিশিষ্ট আৰু সন্মানীয় সংগীত শিল্পী উপস্থিত থাকিব। ১০ বছৰ বয়সৰ পৰা উৰ্দ্ধৰ সকলোৰে বাবে মুকলি থকা প্ৰতিযোগিতা খনত ইচ্ছুক প্ৰতিযোগী সকলক নিম্নোক্ত ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বায়ক সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । যোগাযোগৰ নম্বৰ – ৯৪৩৫০৮৭১১৪, ৭০০২৫৩৪৭৮৫, ৯১০১৮২৫৫৬৯, ৯৮৬৪১৯০৭৫৮।

assam magaldoi