অৱশেষত চাকৰি পালে! মুখ্যমন্ত্ৰীক ধন্যবাদ মঙলদৈৰ সংগীতাৰ

সদ্য ঘোষিত তৃতীয় বৰ্গৰ চাকৰিৰ তালিকাত স্থান পালে মঙলদৈৰ সংগীতাই ।মঙলদৈ গেৰিমাৰী গাঁওৰ জয়নগৰৰ সংগীতাৰ ঠেলা চলাই পৰিয়ালক পোহপাল

author-image
Asomiya Pratidin
New Update
অৱশেষত চাকৰি পালে! মুখ্যমন্ত্ৰীক ধন্যবাদ মঙলদৈৰ সংগীতাৰ

ডিজিটেল সংবাদ,মঙলদৈঃ সদ্য ঘোষিত তৃতীয় বৰ্গৰ চাকৰিৰ তালিকাত স্থান পালে মঙলদৈৰ সংগীতাই ।মঙলদৈ গেৰিমাৰী গাঁওৰ জয়নগৰৰ সংগীতাৰ ঠেলা চলাই পৰিয়ালক পোহপাল দিয়া পিতৃও যোৱা এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে।

Advertisment

তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হোৱাৰ পিছতে উৎফুল্লিত মঙলদৈ গেৰিমাৰী, জয় নগৰৰ সংগীতা ডেকা। বিশেষভাৱে সক্ষম সংগীতা ডেকাই তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফলত উত্তীৰ্ণ হোৱাৰ পিছত আশাৰ ৰেঙণি দেখিছে পৰিয়ালটোৱে।

ঠেলা চলাই পৰিয়ালক পোহপাল দিয়া পিতৃ বুবুল ডেকাও যোৱা এবছৰ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে। দুই এটা ঘৰুৱা টিউচন কৰি পৰিয়াল চলাই থকা সংগীতাই আনন্দিত হোৱাৰ লগতে চাকৰিটো পালে পৰিয়ালটোৱে সকাহ পাব বুলি আশা প্ৰকাশ কৰিছে।

এইদৰে স্বচ্ছভাৱে নিযুক্তি লাভ কৰাৰ বাবে মুখ্যমন্ত্ৰী তথা অসম চৰকাৰক ধন্যবাদ জনায় যুৱতী গৰাকীয়ে। লগতে সংগীতাই কয়, যোগ্য হ’লে আজিও উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব পাৰি, মাত্ৰ অধ্যৱসায়ৰ প্ৰয়োজন।

Also Read: জয়ৰ কাষ চাপিও থমকিল ছানৰাইজাৰ্ছঃ ৰোমাঞ্চকৰ বিজয় কলকাতাৰ