মঙলদৈত ৰেইকীৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন...

মঙলদৈৰ হোটেল শ্যামলীত অনুষ্ঠিত কৰা হয় ৰেইকী প্ৰশিক্ষণ শিবিৰ

author-image
Asomiya Pratidin
New Update
মঙলদৈত ৰেইকীৰ প্ৰশিক্ষণ শিবিৰ সম্পন্ন...

reiki trainning

ডিজিটেল ডেস্ক : দেওবাৰে মঙলদৈত ৰেইকী সম্পৰ্কীয় এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। মঙলদৈৰ হোটেল শ্যামলীত অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত বহু সংখ্যক প্ৰশিক্ষাৰ্থীয়ে ৰেইকীৰ প্ৰথম ডিগ্ৰী শিক্ষা গ্ৰহণ কৰে।

Advertisment

এই শিবিৰত প্ৰশিক্ষাৰ্থী সকলক ৰেইকীৰ পাঠ আৰু ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে ৰেইকীৰ গ্ৰেণ্ড মাষ্টাৰ অৰ্চনা হাজৰিকাই। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত ৰেইকী শিক্ষা প্ৰদান কৰি আহিছে এই গৰাকী গ্ৰেণ্ড মাষ্টাৰে।

সাম্প্ৰতিক সময়ত বিশ্বজুৰি ৰেইকী জনপ্ৰিয় হৈছে। ইয়াৰ জৰিয়তে ৰোগৰ উপশম আৰু ব্যস্ততাপূৰ্ণ সময়ত শৰীৰ আৰু মন সুস্থ কৰি ৰাখিব পাৰি।

assam mangaldoi reiki training