দৰং জিলাত পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

দৰং জিলাত পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

author-image
asomiyapratidin
New Update
দৰং জিলাত পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি…

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : সবল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত শীর্ষক মূলমন্ত্রক সাৰোগত কৰি ১ ছেপ্তেম্বৰ ২০২২ তাৰিখৰ পৰা সমগ্ৰ ভাৰত বৰ্ষৰ লগতে অসমতো মাহ জোৰা কার্যসূচীৰে পোষণ মাহ আৰু মাতৃ বন্দনা সপ্তাহৰ আৰম্ভণি কৰা হয়।

Advertisment

সমগ্র দেশৰ লগতে দৰং জিলাতো শুকুৰবাৰে জিলা উপাযুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখনি সমন্বয় সভাৰ জৰিয়তে এই পোষণ মাহ আৰু প্রধান মন্ত্রী মাত্রু বন্দনা সপ্তাহ আনুষ্ঠানিক ভাবে আৰম্ভণি কৰা হয়। অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা সভাখনত সভাপতিত্ব কৰে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই । দৰং জিলা মহিলা আৰু শিশু উন্নয়ন বিষয়া ৰাজলক্ষ্মী দেউৰীয়ে সভাৰ উদ্দেশ্যে বাখ্যা কৰি সকলোকে আদৰণি জনায় ।

সভাত ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ শুৰুজ্যোতি দাসে থলুৱা ভাৱে উৎপাদিত শাক-পাচলিৰ ব্যৱহাৰৰ বাবে এই কার্য্যসূচীৰ জৰিয়তে উৎসাহিত কৰিবলৈ আহবান জনোৱাৰ লগতে তেখেতে ব্যক্তিগত ভাবে ৬ জন গুৰুতৰ ভাৱে পুষ্টিহীনতাত ভোগা শিশুক দত্তক লোৱাৰ কথা ঘোষণা কৰে ।

একেদৰে মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাসেও গুৰুতৰভাৱে অপুষ্টিত ভোগা শিশুক দত্তক ল'ব বুলি জনোৱাৰ লগতে পোষন মাহ আৰু মাত্রু বন্দনা সপ্তাহৰ সমগ্ৰ কার্য্যসূচীতে সহযোগিতা আগবঢ়োৱাৰ প্রতিশ্রুতি আগবঢ়ায়।

জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই পোষণ মাহ তথা মাত্রু বন্দনা সপ্তাহৰ আনুষ্ঠানিক উদ্বোধন কৰি দিয়া ভাষণত কয় যে এতিয়াও ভিতৰুৱা অঞ্চলত এনিমিয়াত ভোগা লোক বহুত আছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ মাজত সজাগতা অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ পুষ্টিহীনতাত ভোগা শিশুক দত্তক ল'বলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

দৰং জিলা পোষণ অভিযানৰ জিলা সমন্বয়ক পাৰভেজ মেহদিয়ে বিভাগীয় নির্দেশনা অনুসৰি যুগতোৱা মাহ যোৰা কার্য্যসূচীৰ বিৱৰণ দাঙি ধৰি সংশ্লিষ্ট বিভাগ সমূহৰ পৰা সহযোগিতা কামনা কৰে । অনুৰূপ ধৰনে প্রধান মন্ত্রী মাতৃ বন্দনা সপ্তাহৰ কাৰ্যসূচীৰ বিৱৰণ আগবঢ়ায় প্রধান মন্ত্রী মাত্রু বন্দনা যোজনাৰ জিলা সমন্বয়ক টিংকু ডেকাই।

সভাত সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা জনসংযোগ বিষয়া মণিকা বৰগোহাঁই, সহকাৰী আয়ুক্ত ৰিণি হাজৰিকা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা, মঙলদৈ পৌৰ সভাৰ পৌৰনেত্ৰী, জেষ্ঠ বিজ্ঞানী, দৰং জিলা কৃষি বিজ্ঞান কেন্দ্রকে ধৰি অন্যান্য সহযোগী বিভাগৰ বিষয়া সকলে সকলো কাৰ্যসূচীতে পূণ সহযোগিতাৰ আগবঢ়াব বুলি কয় ।

পোষণ মাহৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এটি সজাগতা মূলক শোভাযাত্ৰা উলিওৱা হয়। দৰং জিলা মহিলা আক শিশু উন্নয়ন বিভাগৰ মুখসেবিকা, শিশু উন্নয়ন প্রকল্প বিষয়া, অংগনাবাড়ী কর্মী সহায়িকা সকলে অংশগ্রহণ কৰা শোভাযাত্ৰাটোৰ পতাকা জোকাৰি শুভাৰম্ভণি কৰে ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস আৰু মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাসে ।

assam mangaldoi