/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ গাহৰি ফাৰ্মে গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰাৰ বাবেই মঙলদৈ পকাবাঙিপাৰাত গুৰুলা গুৰুলকৈ মাৰধৰ কৰে এজন যুৱকক। পুনিয়াৰ পকাবাঙিপাৰা একে গাঁৱৰে পিংকু ডেকা,হিৰক ডেকা আৰু পাপু ডেকা নামৰ ককায়েক – ভায়েকে লগ হৈ ৰত্নেশ্বৰ চহৰীয়াক বুধবাৰে ৰাতি ঘৰলৈ গৈ থকা অৱস্থাত মূৰ ,হাত আৰু পিঠিত বেয়াকৈ আঘাট কৰে বুলি অভিযোগ দিয়ে ৰত্নেশ্বৰ চহৰীয়াৰ পৰিয়ালে।
ইতিমধ্যে ভুক্তভোগী পৰিয়ালে মঙ্গলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
আৰু পঢ়কঃ গুৱাহাটী শোধনাগাৰৰ মহাপ্ৰৱন্ধক বীৰেন্দ্ৰ কুমাৰ ঝাক গ্ৰেপ্তাৰ..