/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/e2c93fde-3fa9-4b96-8986-f81730366d83/pijush.jpg)
mangaldoi pijush hazarika
ডিজিটেল সংবাদ, মঙলদৈ : মঙলবাৰে মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আচঁনিৰ একালীন আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা।
দৰং জিলাৰ লগতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত পৰৱৰ্তী সময়ত বানপানীৰ পৰা মুক্ত কৰাৰ লগতে ভঙা মথাউৰী অতি সোনকালেই মেৰামতি কৰা হ'ব বুলিও সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই।
মন্ত্ৰী পীযুষ হাজৰিকাই অসম চৰকাৰৰ নিযুক্তি সম্পৰ্কত দালাল আৰু প্ৰৱঞ্চকৰ পৰা আঁতৰি থাকিবলৈ ৰাইজক আহ্বান জনায়। নিযুক্তিৰ ক্ষেত্ৰত দালালি কৰা প্ৰৱঞ্চকক কঠোৰ হাতেৰে দমন কৰিব বুলি মন্তব্য প্ৰদান কৰে।
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ দিলীপ শইকীয়া, মঙলদৈৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, দলগাঁও সমষ্টিৰ বিধায়ক মজিবৰ ৰহমান, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা।