/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5f54c2c6-748f-4418-8d02-cff1466c1102/mangaldoi_dilip.jpg)
mangaldoi dilip saikia
ডিজিটেল সংবাদ, মঙলদৈ : ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। কলংক বা অভিযোগ আনিলেই নহ'ব এশ শতাংশ ইয়াৰ তথ্য প্ৰমান দিব লাগিব।
আনহাতে, কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা নিযুক্তিকলৈয়ো সৰৱ সাংসদগৰাকী। কংগ্ৰেছ বিৰোধিতা কৰিবলৈ কোনো বিষয় নাই সেই বাবেই ইয়াক এটা ইছু হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে, কংগ্ৰেছৰ দিনতহে দুৰ্নীতি হৈছিল বিজেপিৰ দিনত নিযুক্তি সম্পূৰ্ণ নিকা হ'ব।
দৰঙত বিজেপিৰ মহিলা মৰ্চাৰ এক দলীয় সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই।