মঙলদৈত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নিয়োগ মেলা...

দৰং জিলা পুথিভঁৰাল প্ৰাঙ্গনত নিয়োগ মেলা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
মঙলদৈত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নিয়োগ মেলা...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত বৃহস্পতিবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনষ্ঠ অসম ৰাজ্যিক জীৱিকা অভিযানৰ সৌজন্যত দীন দয়াল গ্ৰামীণ কৌশল্য যোজনাৰ অধীনত দৰং জিলা পুথিভঁৰাল প্ৰাঙ্গনত নিয়োগ মেলা অনুষ্ঠিত হয় ।

Advertisment

দৰং জিলাৰ উপৰিও ওদালগুৰি, বাক্সা, নলবাৰী আৰু বৰপেটা জিলাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ছিপাঝাৰ বিধানসভা সমষ্টিৰ বিধায়ক মাননীয় ড° পৰমানন্দ ৰাজবংশী মুখ্য অতিথি হিচাপে উপস্থিত থাকি নিয়োগ মেলাৰ শুভ উদ্বোধন কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, অসম মহিলা আয়োগৰ উপাধ্যক্ষ নিলীমা দেৱী, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ,জিলা অগ্ৰণী বেংক বিষয়া বি পি কৰ্মকাৰ, আৰছেটি দৰঙৰ সঞ্চালক বিজয় শৰ্মাৰ লগতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বিষয়া সকল।

আয়োজক কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে দিল্লী, কলিকতা, হায়দৰাবাদ, বেংগালুৰু, গুৱাহাটী, তেজপুৰৰ লগতে স্থানীয় মঙলদৈৰ মুঠ ১৯টা নিয়োগকৰ্তা প্ৰতিষ্ঠানে এই নিয়োগমেলাত অংশগ্ৰহণ কৰি উপযুক্ত প্ৰাৰ্থী নিযুক্ত কৰিব।

assam mangaldoi job mela