মঙলদৈ চহৰৰ লজ’ত যৌনতাৰ অবাধ বেহা…

মঙলদৈ চহৰৰ লজ’ত যৌনতাৰ অবাধ বেহা…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : মঙলদৈ চহৰৰ লজ'ত চলিছে যৌনতাৰ অবাধ বেহা। মা চানিকা নামৰ ল'জত চলি আহিছে এই যৌনতাৰ বেহা ৷ মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত মা চানিকা ল'জৰ এটা কোঠাত বৃহস্পতিবাৰে দুপৰীয়া হিন্দু ধৰ্মাৱলম্বী দুই সন্তানৰ মাতৃ এগৰাকী মুছলমান সম্প্ৰদায়ৰ পুৰষ এজনৰ লগত অভিষাৰত লিপ্ত হৈ থকা অৱস্থাত হাতে লোতে মহিলা গৰাকীৰ স্বামীয়ে ধৰা পেলায়।

অভিযোগ অনুসৰি এই ল'জখনে আৰক্ষীৰ চকুত ধুলি দি দীৰ্ঘদিনৰে পৰাই চলাই আহিছে গোপনে যৌনতাৰ বেহা ৷ ইপিনে ল'জখনত নাই চি চি টিভিৰ ব্যৱস্থা ৷ ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰিছে যদিও অভিযুক্ত পুৰুষজন পলাই যাবলৈ সক্ষম হয় ৷

assam Assam police himanta biswa sarma