/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/ad85409d-35cf-47d5-9507-f2245e8f5531.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হবলগীয়া মঙলদৈ লোকসভা সমষ্টিত সোমবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক বিশাল ৰোড শ্ব' বাহিৰ কৰা হয়। বিয়লি ৫ বজাত মঙলদৈ চপাই হাইস্কুলৰ খেলপথাৰৰ পৰা উলিওৱা এই ৰেলীত মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, বিনন্দ কুমাৰ শইকীয়া, যোগেন মোহন আৰু বিনোদ হাজৰিকাৰ লগতে ৰাজ্যিক নেতৃত্বৰ কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/b324a32c-0c6a-4cd8-a976-23375a8a9fec.jpg)
চপাইৰ পৰা উলিওৱা এই ৰোড শ্ব'ত মঙলদৈৰ ভুটীয়াচাং পথেৰে আহি বৰুৱাপাৰা বিষ্ণুনগৰ হৈ শান্তিপুৰ তথা চহৰৰ মাজেৰে গৈ মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ খেলপথাৰত মিলিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/f2e6fd93-0b45-4a6d-8dd0-476aae7f238f.jpg)
সেই স্থানতে অনুষ্ঠিত হোৱা সভাত বিজেপিৱ প্ৰাৰ্থী দিলীপ শইকীয়াই ৰাইজৰ আশীষ বিচৰাৰ লগতে তেওক ভোট দি জয়যুক্ত কৰিবলৈ অনুৰোধ জনায়। আনহাতে ভাষণৰ প্ৰসংগত ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে – 'জাতি-মাটি-ভেটিৰ লগতে অসমীয়া জাতি আৰু অসমৰ মানৰূপী কংগ্ৰেছ, এ আই ইউ ডি এফৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ আকৌ এবাৰ মোডী চৰকাৰক শাসনত বহুৱাক।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/057b9916-798f-473c-bcb5-7a6c5976b0a4.jpg)
উক্ত ৰোড শ্বত অংশ লয় প্ৰায় ২০ হাজাৰ কৰ্মীয়ে। প্ৰায় ১২ কিঃ মিঃ পথ অতিক্ৰম কৰা এই ৰোড শ্বত মন্ত্ৰী শৰ্মাই মঙলদৈ ৰাইজক ৯০ শতাংশ ভোটদান কৰি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক বিপুল ভোটেৰে জয়যুক্ত কৰিবলৈ আহ্বান জনায়। ড০ শৰ্মাই বিজেপিৰ বিজয় উৎসৱ হিচাপে সভাস্থলীত সমবেত লোকক মবাইল ফোনৰ টৰ্ছ জ্বলাই দেৱালী উৎসৱ পাতিবলৈ অনুৰোধ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/81e345e3-e199-4ec9-b479-ea7773ebc481.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us