মঙলদৈৰ শাকতোলা নদীৰ ভঙা মথাউৰিৰে নিগৰিছে পানী, আতংকিত গাঁওবাসী

মঙলদৈৰ শাকতোলা নদীৰ ভঙা মথাউৰিৰে নিগৰিছে পানী, আতংকিত গাঁওবাসী

author-image
asomiyapratidin
New Update
মঙলদৈৰ শাকতোলা নদীৰ ভঙা মথাউৰিৰে নিগৰিছে পানী, আতংকিত গাঁওবাসী

প্ৰতিদিন  ডিজিটেল  সংবাদ, মঙলদৈ  :  ৰঙামাটি,  বৰঠেকেৰাবাৰীত পুনৰ বানপানীৰ আশংকা। কিছুদিন পূৰ্বে মঙলদৈৰ বৰআঠীয়াবাৰীত শাকতোলা নদীৰ পশ্চিম প্ৰান্তৰ  মথাউৰি ভাঙি প্ৰায় ১২ খন গাঁও বহু দিন ধৰি জলমগ্ন হৈ সৰ্বশ্ৰান্ত হৈছিল।

মুখ্যমন্ত্ৰী তথা বিভাগীয় বিধায়কে মথাউৰিটোৰ ছিগা অংশ বাৰে বাৰে পৰিদৰ্শন কৰিছিল যদিও পুনৰ পূৰ্বে ভগা অংশত পানী নিগৰিবলৈ ধৰিছে। এই ক্ষেত্ৰত আতংকিত হৈছে গাওঁবাসী।

শাকতোলা নদীৰ বাঢ়নী পানীৰ ফলত বৃহত্তৰ ৰঙামাটি, থেকেৰাবাৰী, দাৰিয়া পাৰা, ঢমখুণ্ডাকে ধৰি বহু অঞ্চলৰ লোক আতংকিত হৈ পৰিছে।

আৰু পঢ়ক : ২০২৪ চনৰ পূৰ্বে ভাৰতৰ ৰাস্তা আমেৰিকাৰ দৰে উন্নত হ'ব: নিতিন গাডকৰী

assam flood himanta biswa sarma bjp