মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত ত্ৰিৰংগা বিতৰণ…

মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত ত্ৰিৰংগা বিতৰণ…

author-image
asomiyapratidin
New Update
মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত ত্ৰিৰংগা বিতৰণ…

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত জাতীয় পতাকা বিতৰণ আৰু সজাগতা ৰেলী উলিওৱা হয়। আজাদিকা অমৃত মহোৎসৱ উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা কাৰ্য্যসূচী ৰূপায়ণৰ বাবে মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজৰ সহযোগত দেওবাৰ, সোমবাৰ আৰু মঙ্গলবাৰে তিনিদিনীয়াকৈ জাতীয় পতাকা বিতৰণ আৰু সজাগতা ৰেলী অনুষ্ঠিত কৰা হয়।

Advertisment

মঙ্গলবাৰে এই সজাগতা কাৰ্য্যসূচীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বৃহত্তৰ প্ৰফুল্ল নগৰৰ মূল পথেৰে মঙলদৈ নাগৰিক মঞ্চলৈ ৰেলী উলিওৱা হয়। মঙলদৈ ইলেকট্ৰনিক মিডিয়া ফৰাম আৰু ৰাইজে আজাদিকা অমৃত মহোৎসৱ উপলক্ষে প্ৰতি ঘৰ পৰিয়ালে যাতে ত্ৰিৰংগা উত্তোলন কৰে তাৰ বাবে সজাগ কৰিবলৈ চেষ্টা কৰাৰ লগতে প্ৰতিঘৰ লোকক বিতৰণ কৰে ত্ৰিৰংগা পতাকা।

এই সজাগতা কাৰ্য্যসূচী মুকলি কৰে দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন ডেকা আৰু সদৰ ডি.এছ.পি. প্ৰাঞ্জল বৰাই।

আৰু পঢ়ক : বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ

assam himanta biswa sarma mangaldai