মঙলদৈৰ মোৱামাৰীত যৌতুকৰ বলি হ'ল এগৰাকী মহিলা...

মঙলদৈৰ মোৱামাৰী নতুন বজাৰৰ গোলাপফুল নামৰ এগৰাকী মহিলাক হত্যাৰ ভাবুকি দিয়ে স্বামী ভূৰ্কণ আলিয়ে

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ মোৱামাৰীত যৌতুকৰ বলি হ'ল এগৰাকী মহিলা...

mangaldoi

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : মঙলদৈৰ মোৱামাৰীত যৌতুকৰ বলি হ'ল এগৰাকী মহিলা। মঙলদৈৰ মোৱামাৰী নতুন বজাৰৰ গোলাপফুল নামৰ এগৰাকী মহিলাক হত্যাৰ ভাবুকি দিয়ে স্বামী ভূৰ্কণ আলিয়ে।

Advertisment

আজিৰ পৰা ১০ বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল গোলাপফুল আৰু ভূৰ্কণ। বিবাহৰ এবছৰ পিছৰে পৰা গোলাপফুল আৰু ভূৰ্কণৰ মাজত যৌতুকজনীত কাৰণত কাজিয়াৰ সৃষ্টি হয় আৰু শুকুৰবাৰে স্বামীয়ে গোলাপফুলক মাৰপিত কৰি খেদি পঠিয়াই।

গোলাপফুলে অত্যাচাৰ সহিব নোৱাৰি অৱশেষত মঙলদৈ সদৰ থানাত স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। গোলাপফুলে ভূৰ্কণক উচিত শাস্তি প্ৰদান কৰাৰ দাবী কৰে সংবাদ মাধ্যমৰ আগত।

assam mangaldoi