/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mangaldoi-5.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : সোমবাৰে পুৱা ৫.৪০ বজাত মঙলদৈৰ নাগাৰা নামৰ প্ৰখ্যাত শিল্পী মেধিপাৰা নিবাসী হেমকান্ত ডেকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ডেকাৰ মৃত্যুত জিলা খনৰ সাংস্কৃতিক জগতৰ অপুৰণীয় ক্ষতি হয়।
দৰং জিলা নাগাৰা নাম সন্থা, দৰঙী কলা কৃষ্টি উন্নয়ন পৰিষদ, দৰং জিলা সাহিত্য সভা, মঙলদৈ প্ৰেছ ক্লাৱ আদি বিভিন্ন অনুষ্ঠানে ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us