আজিৰে পৰা মঙলদৈ গ্ৰন্থমেলা ২০২২...

গ্ৰন্থৰ সুবাস, গীত, মাত, কবিতাৰে হ'ব মুখৰিত

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা মঙলদৈ গ্ৰন্থমেলা ২০২২...

ডিজিটেল সংবাদ,‌ মঙলদৈ : সোমবাৰৰ পৰা ৭ দিনীয়া বৰ্নাধ্য কায্যসূচীৰে অনুস্থিত হব মঙলদৈ গ্ৰন্থমেলা -২০২২ । আজি বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰনোজ পেগুৱে । ইয়াৰ পিছতে গ্ৰন্থমেলা উদ্বোধনী সভা অনুস্থিত হব । গ্ৰন্থমেলা আয়োজক সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত অনুস্থিত হব লগীয়া সভাখনত দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অসম সাহিত্য সভাৰ উপ সভাপতি মৃনালিনী দেবী, সাহিত্যিক ইদ্ৰীছ আলি, আছুৰ সভাপতি দিপাংক নাথ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডা০ কমলা কান্ত বৰা, যুৱ ছাত্র পৰিষদৰ উপ সভাপতি ভবেশ কাকতি, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডা০ পৰমানন্দ ৰাজবংশী, বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক গুৰুজোতি দাস সহ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰিব ।

Advertisment

আয়োজক সমিতিৰ কায্যকৰি সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা , সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা , সমন্বয়ক মুকুট ৰাজ শৰ্মা আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্ৰ বৰুৱা আৰু সম্পাদক লক্ষী নন্দন কলিতাই জনোৱা মতে সন্ধিয়া সাংস্কৃতিক অনুস্থানত গীত পৰিবেশন কৰিব বিশিষ্ট শিল্পী সীমান্ত শেখৰ আৰু বিদ্যা সাগৰে ।

আনহাতে গ্ৰন্থমেলাৰ দ্বিতীয় দিনা অৰ্থাৎ ‌১১ অক্টোবৰৰ দিনৰ ১০ বজাত অনুস্থিত হব কবি সন্মিলন । দৰং জিলা কবি সন্মিলনৰ উদ্যোগত আয়োজিত এই অনুষ্ঠান সঞ্চালনা কৰিব কটন বিশ্ব বিদ্যালয়ৰ অৱসৰী অধ্যাপিকা ডঃ মঞ্জু  দেৱী পেগুৱে আৰু  বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকিব ক্ৰমে বিশিষ্ট কবি নীলিম কুমাৰ, সাহিত্য একাডেমীৰ বঁটাপ্ৰাপক সাহিত্যিক ডাঃ দেৱকান্ত ৰামচিয়াৰী, বাৰ্ত্তালোচনী 'দ্যৌৰঙ্গ'ৰ প্ৰকাশন ব্যৱস্থাপক স্বপ্নালী বুঢ়াগোহাঁই, পৰ্যটন বিভাগৰ যুটীয়া সঞ্চালক ডঃ হৃদয়ানন্দ দাস , কবি প্ৰকাশ ডেকা আদিয়ে ।

সেইদিনা বিয়লি ৪ বজাত মঙলদৈ গন্থমেলা আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি তথা মঙলদৈ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰাজেন্দ্ৰ নাথ হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত 'গ্ৰন্থ উন্মোচনী' অনুষ্ঠানত উন্মোচক হিচাবে অংশ গ্ৰহণ কৰিব অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকিব দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলেন্দ্ৰ নাথ চহৰীয়া , বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডঃ উপেন্দ্ৰ জিৎ শৰ্ম্মা ,দৰং জিলা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়া , বিশিষ্ট লেখকত্ৰয় ক্ৰমে কমলা কান্ত বৰা, পৃথুৰাম বৰুৱা আৰু জীতেন ভাগৱতীয়ে । সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট নৃত্য শিল্পী ভানু ডেকা চহৰীয়াই ।

assam mangaldoi book fair