/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/364bcf45-3386-41b0-9e0c-c3b4ffc72b47/mangaldoi.jpg)
mangaldoi attempt to murder
প্ৰতিদিন ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মঙলদৈৰ ডাহী বণিয়া পাৰাত শুকুৰবাৰে নিশা এটা পৰিয়ালক দুৰ্বৃত্তৰ আক্ৰমণ কৰে। একেখন গাঁৱৰে পৱন বণিয়া নামৰ যুৱক এজনে দিপ্তী বণিয়া, পবিত্ৰ বণিয়া আৰু সংগীতা বনিয়াক চোকা অস্ত্ৰ আৰু লাঠীৰে আক্ৰমণ কৰে। আক্ৰমণত গুৰুতৰভাৱে আহত হয় আটাইকেইজন লোক।
উল্লেখ্য যে প্ৰথমে পৱন বনিয়া নামৰ লোকজনে পবিত্ৰ বনিয়াক চোকা অস্ত্ৰৰে আঘাত কৰাৰ পিছত চিঞৰ বাখৰ কৰাত মাতৃ দিপ্তী বণিয়াই পুত্ৰক বচাবলৈ যাওঁতে শাৰীৰৰ বিভিন্ন অংগত আঘাত কৰে। আনকি আঘাতৰ ফলত বৃদ্ধা মাতৃৰ বুকুৰ পৰা তেজ বৈছিল।
মাতৃৰ চিঞৰ শুনি সৰু বোৱাৰী সংগীতা বণিয়াই কি হৈছে চাবলৈ যাওঁতে পৱন বণিয়াই সংগীতাৰ বাওঁ হাতত ফলা বাঁহেৰে কোবাই গুৰুতৰভাৱে আহত কৰে। বৰ্তমান বৃদ্ধা মাতৃ দিপ্তী বণিয়াই মঙলদৈৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আক্ৰমণকাৰী পৱন বণিয়া বৰ্তমানেও পলাতক।
উল্লেখ্য যে আক্ৰমণৰ কাৰণ এতিয়ালৈ জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব আক্ৰমণৰ প্ৰকৃত কাৰণ।