৫ শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়ালে দৰঙলৈ…

৫ শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়ালে দৰঙলৈ…

author-image
asomiyapratidin
New Update
৫ শিক্ষাৰ্থীয়ে গৌৰৱ কঢ়িয়ালে দৰঙলৈ…

ডিজিটেল সংবাদ, মঙলদৈঃ শনিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ ফলাফলত দৰং জিলাৰ ব্ৰিলিয়ান্ট একাডেমী পৰা প্ৰথম স্থান লাভ কৰিছে খুচবু ফিৰদৌছয়ে আৰু নৱম স্থান লাভ কৰিছে দীপাংকৰ দাসে। ইয়াৰে খুচবুৱে লাভ কৰিছে সৰ্বমুঠ ৪৭৮ নম্বৰ আৰু দীপাংকৰে লাভ কৰিছে ৪৬৬ নম্বৰ।

Advertisment
জুপিতৰা আৰু শ্ৰুতিস্মিতা…

আনহাতে দৰঙৰে আন এখন শিক্ষানুষ্ঠান ৰঞ্জিত শৰ্মা একাডেমীৰ পৰা কলা শাখাত লাভ কৰিছে ক্ৰমে চতুৰ্থ আৰু অষ্টম স্থান। স্থান প্ৰাপক সকল ক্ৰমে জুপিতৰা শৰ্মা আৰু শ্ৰুতিস্মিতা বশিষ্ঠ।

খুছবু ফিৰদৌছ…

জুপিতৰাই লাভ কৰিছে ৪৭২ নম্বৰ আৰু শ্ৰুতিস্মিতাই লাভ কৰিছে ৪৬৭ নম্বৰ।

পাৰ্থ প্ৰতিম চহৰীয়া…

ইফালে বিজ্ঞান শাখাত চিপাঝাৰৰ ট্ৰিনিটি জুনিয়ৰ চায়েন্স কলেজৰ পৰা পাৰ্থ প্ৰতিম চহৰীয়াই সৰ্বমুঠ ৪৭৩ নম্বৰ লাভ কৰি পঞ্চম স্থান লাভ কৰিব সক্ষম হৈছে।

দীপাংকৰ দাস…