/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/acci.png)
ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈ চহৰৰ ১৫নং ৰাষ্ট্ৰীয় ঘাই পথত মঙলবাৰে দুপৰীয়া এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক।
ট্ৰাকে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। এই এচ ০১ এই চি ৭৩৭৪ নম্বৰৰ ট্ৰাক খন গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ অৱস্থাত মঙলদৈ চহৰৰ গাৰ্লচ পইন্টত এজন এই এচ ১৩ জে ৮৯৭৪ নং বাইক আৰোহীক মহতিয়াই লৈ যায়।
জানিব পৰা মতে মঙলদৈ SRD Groupত কৰ্মৰত আছিল মৃত লোক জন। লোক জন টিয়াঝাৰৰ অতুল চন্দ নাথ (৩৩)বুলি চিনাক্ত হৈছে।