মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা! বাইকেৰে খুন্দা মাৰিলে ট্ৰাকত …

author-image
asomiyapratidin
New Update
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত বৃহস্পতি বাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুত্বৰ ভাবে আহত এগৰাকী বাইক আৰোহী ।

Advertisment

বাইক আৰোহী গৰাকী দৰং জিলাৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাস ।খাৰুপেটীয়াৰ পৰা বাইকেৰে মঙলদৈ অভিমুখে আহি থকা অৱস্থাত ট্ৰাকৰ পিছফালে খুন্দা মাৰে শ্ৰম বিষয়া গৰাকীয়ে ।

এখন বাইকত গৌৰাংগ দাসৰ লগতে তেওঁৰ পুত্ৰ আৰু জীয়ৰী আছিল ।অৱশ্যে পুত্ৰ জীয়ৰীয়ে সামান্য আঘাত পাইছে যদিও গৌৰাংগ দাসৰ অৱস্থা গুৰুতৰ । মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও ততাতৈয়াকৈ নাৰায়না হস্পিতাললৈ প্ৰেৰণ কৰে গৌৰাংগ দাসক।

আৰু পঢ়ক: বিশিষ্ট সাহিত্যিক, গৱেষক ড০ প্রফুল্ল মহন্তৰ দেহাৱসান

assam mangaldai road accident