/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/WhatsApp-Image-2022-02-17-at-4.22.11-PM.jpeg)
ডিজিটেল ডেস্ক,মঙলদৈ: মঙলদৈত শৈলাল পাৰাত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন ব্যক্তি। নিহত ব্যক্তি জন মঙলদৈ শংকৰ নগৰ ধৰ্মেশ্বৰ ডেকা (৬৫) বুলি চিনাক্ত হয়।
ধৰ্মেশ্বৰ ডেকাই চাইকেল চলাই গৈ থাকোঁতে এখন তীব্র বেগী বলেৰ গাড়ীয়ে পিছফালৰ পৰা খুন্দিয়াই । ততাতৈয়াকৈ আহত ডেকাক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
দুৰ্ঘটনা সংঘটিত কৰা বলেৰো গাড়ী খন নম্বৰ এ এচ ১৩ এফ ৯২৯৬ ইতিমধ্যে মঙলদৈ আৰক্ষীয়ে নিজৰ জব্দ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।