সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী…

সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী…

author-image
asomiyapratidin
New Update
সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ বিক্ষোভ কাৰ্যসূচী…

ডিজিটেল সংবাদ, মঙলদৈ: সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্য যোৰা বিক্ষোভ কাৰ্যসূচী মঙলবাৰে ৰূপায়ন কৰে দৰং জিলা সমিতিয়ে। মঙলদৈ ভেবাৰঘাটৰ পশ্চিম মঙলদৈ কৃষ্টি সংঘৰ খেল পথাৰৰ পৰা সমদল কৰি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় লৈ গৈ জিলা শ্ৰম বিষয়াৰ জৰিয়তে অসম চৰকাৰৰ অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ সদস্য সচিবলৈ ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে পাব লগা হিত লাভ আদায় দিয়াৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰক, পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে পাব লগা অনাদায় অবিলম্বে আদায় দিয়ক, হিতালাভৰ প্ৰপত্ৰ পূৰণৰ তিনিমাহৰ ভিতৰতে হিতালাভসমুহ আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা,পেঞ্চন ধাৰী নিৰ্মাণ শ্ৰমিকৰ পেঞ্চন প্ৰতিমাহে আদায় দিয়ক, আদি দাবীৰে মঙলদৈ চহৰৰ আকাশ বতাহ কঁপাই তোলে নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সদস্য সকলে।

বিক্ষোভ কাৰ্যসূচী ৰূপায়ন পিছত হৰিশচন্দ্ৰ ডেকা, সভাপতি আৰু তাহেৰ ইছলাম, সম্পাদক সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন দৰং জিলা সমিতি স্বাক্ষৰ থকা স্মাৰক পত্ৰ জিলা শ্ৰম বিষয়াক প্ৰদান কৰে।

assam mangaldai