মঙলদৈত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি…

মঙলদৈত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি…

author-image
asomiyapratidin
New Update
মঙলদৈত ৰোগীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি…

ডিজিটেল সংবাদ, মঙলদৈ: ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে বিভিন্ন সময়ত ৰোগীৰ পৰিয়ালক শোষণ কৰি অহাৰ সমান্তৰাল ভাৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসক বা সা-সৰঞ্জামৰ অভাৱত বা ভুল:বশত ৰোগীৰ মৃত্যুৰ ঘটনা নতুন নহয়। তেনে এক চিকিৎসালয়ৰ গাফিলতিত ৰোগীৰ মৃত্যুৰ ঘটনা সংঘটিত হয় মঙলদৈৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জে এন শৰ্মা মেমৰিয়াল হাস্পিতালত।যাৰ ফলত চিকিৎসালয় খনত বুধবাৰে ৰাতি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

অক্সিজেনৰ অভাৱত ৰোগী লংকেশ্বৰ ডেকাৰ মৃত্যুৰ অভিযোগ টোলে পৰিয়াল তথা আত্মীয়লৰ ।মঙলদৈৰ হাউলিৰ নিজ ঘৰৰ পৰা বুধবাৰে দুপৰীয়া বাইকত উঠি অহা ৰোগী গৰাকী হঠাৎ হস্পিতাল পোৱাৰ পিছতে কেনেকৈ মৃত্যু হ'ব পাৰে বুলি প্ৰশ্ন পৰিয়ালৰ লগতে আত্মীয়ৰ ।

ইফালে অক্সিজেন ছিলিণ্ডাৰৰ বিশংগতি থকাৰ কথাও উল্লেখ কৰে পৰিয়ালে । এইক্ষেত্ৰত চিকিৎসালয় কৰ্তৃপক্ষক জবাবদিহি কৰে যদিও কোনো সদুত্তৰ দিব নোৱাৰে চিকিৎসালয় কতৃপক্ষই। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত মঙলদৈ থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

আৰু পঢ়ক: দেউতা, তুমি থাকিলে কিহৰ চিন্তা…

assam mangaldai