জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ

জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ

author-image
asomiyapratidin
New Update
জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিৰুদ্ধে মঙলদৈত প্ৰতিবাদ

প্ৰতিদিন ডিজিটেল, মঙলদৈ: সুদীৰ্ঘ ২০ বছৰে মঙলদৈ জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাস গৃহ বেদখল কৰাৰ অভিযোদ উত্থাপন হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিৰুদ্ধে। মঙলদৈ জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী মোস্তাফা আলি। ২০০১ চনত মঙলদৈ জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল মোস্তাফা আলীয়ে ।

Advertisment

অৱসৰ গ্ৰহণ কৰাৰ পিছত ২০ বছৰে জলসিঞ্চন বিভাগৰ চৰকাৰী আৱাস গৃহ বেদখল কৰি নিজে বসবাস কৰি আহিছে আলীয়ে । প্ৰাপ্ত খবৰ মতে এই চৰকাৰী আৱাস গৃহ নিজৰ নামত নামজাৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

দৰং জিলা যুৱ ছাত্ৰ পৰিষদে বহুবাৰ এই চৰকাৰী ভূমিও আৱাস গৃহ বেদখল মুক্ত কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাত, বৃহস্পতিবাৰে জলসিঞ্চন বিভাগৰ কাৰ্য্যালয়ত ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

ইফালে মোস্তাফা আলি নামৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী জনে এই আৱাস গৃহ বেদখল কৰাৰ বাবে জলসিঞ্চন বিভাগৰ জেষ্ঠ সহায়ক গৰাকীয়ে দৰঙৰ উপায়ুক্তক বহুবাৰ লিখিত ভাবে এই অভিযোগ দাখিল কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সময়ত সেয়া হ'ব লক্ষণীয়।

assam mangaldai