গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিত্তীয় স্বাক্ষৰতাৰ সজুঁলি বিতৰণ…

গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিত্তীয় স্বাক্ষৰতাৰ সজুঁলি বিতৰণ…

author-image
asomiyapratidin
New Update
গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ বিত্তীয় স্বাক্ষৰতাৰ সজুঁলি বিতৰণ…

ডিজিটেল সংবাদ, মঙলদৈ: দৰং জিলাৰ মঙলদৈ বেজপাৰাত অৱস্থিত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (আৰ চে টি ) ৰ প্ৰশিক্ষণ কেন্দ্ৰত বুধবাৰে বিগত ২০২১ বৰ্ষৰ অক্টোবৰ মাহত বিত্তীয় সাক্ষৰতাৰ সামুহিক সমল ব্যক্তি ৰ প্ৰশিক্ষণ সমাপ্ত কৰা জিলা খনৰ মুঠ ৫৬ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত বিত্তীয় সাক্ষৰতাৰ সজুঁলি বিতৰণ কৰে আজি দৰং জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই।

Advertisment

উপায়ুক্ত গৰাকীয়ে প্ৰশিক্ষণ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি কাম কাজৰ খতিয়ান লোৱাৰ লগতে আন্তঃগাথঁনি উন্নয়নৰ দিশ সম্পৰ্কে বুজ লয় । অনুষ্ঠানত উপস্থিত থাকে জিলা অগ্ৰনী বেংক বিষয়া বি.পি.কৰ্মকাৰ , ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান দৰং জিলা আচঁনি প্ৰৱন্ধক দীপক সুত্ৰধৰ , দৰং জিলাৰ গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক বিজয় শৰ্মা,পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ বিপিএম অপূৰ্ব কুমাৰ সৰকাৰ, জিলা কাৰীকৰি বিশেষজ্ঞ জ্যোতিৰেখা বেজবৰুৱা,আৰছেটি ৰ প্ৰশিক্ষক মানৱেন্দ শৰ্মাৰ লগতে আৰছেটিৰ বিষয়ববীয়া আৰু প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকল।

উক্ত অনুষ্ঠানটি আঁত ধৰে দৰং জিলা আৰছেটিৰ জেষ্ঠ্য প্ৰশিক্ষক কিশোৰ কুমাৰ শৰ্মাই । এই প্ৰতিষ্ঠানটিত প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান লৈ ২৪৬ টা বিষয়ৰ ওপৰত বিভিন্ন প্ৰশিক্ষণৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সৰ্বমুঠ ৬০৪৪ গৰাকী প্ৰশিক্ষাৰ্থীয়ে স্বনিয়োজনৰ প্ৰশিক্ষণৰ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

assam mangaldai