/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/adas.png)
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈৰ ঢৌৱাপাৰা গাওঁত ৬ জনীয়া যুৱকৰ দল এটাই বাইক, স্কুতিৰে আহি গাঁও খনৰ জংঘলত প্ৰৱেশ কৰি চিকাৰ কৰি লৈ যায় বিলুপ্ত হ'বলৈ ধৰা গুই, জহামাল, শিয়াল, নেউল আদি। উক্ত অঞ্চল বোৰত এই কাৰ্য্য এয়েই প্ৰথম নহয়। প্ৰায় এনেদৰে দুস্কৃতিকাৰীবোৰ আহি মাৰি লৈ যায় জংঘলত পোৱা প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাকাৰী প্ৰাণীবোৰক।
এনেদৰে চিকাৰ কৰি থকা দেখি একাংশ গাঁও বাসীয়ে দাবী ধমকি দি দুস্কৃতিকাৰী কেইটাক খেদি পঠিয়ায় যদিও যোৱাৰ সময়ত দুস্কৃতিকাৰী কৰি কেইটাইও ওলোটাই গাঁওবাসীক ধমকি দি গুচি যায়। এসাঁজ তৃপ্তিৰে খোৱাৰ নিমিত্তে ৯ ডাল গুই সাপ, এটা শিয়ালৰ পোৱালি , নেউল জহামাল আদি হত্যা কৰাটো কিমান যুক্তি সংগত কথা। বিলুপ্ত হ'বলৈ ধৰা এই জীৱ জন্তু বোৰ হত্যা কৰি থাকিলে আমাৰ পৰিবেশ কিদৰে ৰক্ষা হ'ব।
জানিব পৰা মতে এই দুস্কৃতিকাৰী সকল আহে কলাইগাঁও, টংলা আদি অঞ্চলৰ পৰা। এই দৰেই সিহঁতে ভিতৰুৱা অঞ্চল বোৰলৈ আহি হত্যা কৰে এই নিৰীহ প্ৰাণী বোৰক। এই ক্ষেত্ৰত প্ৰশাসনক চকু দিবলৈ অঞ্চল বাসীয়ে আহ্বান জনায়।