প্ৰেমৰ দিনত মঙলদৈ প্ৰেছ ক্লাবত সাগৰিকা খাটনিয়াৰৰ ‘অ জান’ উন্মোচন

প্ৰেমৰ দিনত মঙলদৈ প্ৰেছ ক্লাবত সাগৰিকা খাটনিয়াৰৰ ‘অ জান’ উন্মোচন

author-image
asomiyapratidin
New Update
প্ৰেমৰ দিনত মঙলদৈ প্ৰেছ ক্লাবত সাগৰিকা খাটনিয়াৰৰ ‘অ জান’ উন্মোচন

ডিজিটেল ডেস্ক, মঙলদৈ: প্ৰেমৰ দিনত মঙলদৈ প্ৰেছ ক্লাবত সাগৰিকা খাটনিয়াৰৰ 'অ জান' উন্মোচন। মঙলদৈ প্ৰেছ ক্লাবত এটি গীত উপহাৰ দিলে শিল্পী সাগৰিকা খাটনিয়াৰে।

Advertisment

আজি সোমবাৰ ভেলেন্টাই দে। প্ৰেমিক প্ৰেমিকা সকলৰ বাবে ভাল লগা এটি দিন। এই দিনটোতে মঙলদৈৰ উদিয়মান শিল্পী সাগৰিকা খাটনিয়াৰে অ'জান' শীৰ্ষক এটি প্ৰেমৰ গীত উপহাৰ দিলে অসম বাসীক।শোনিত শংকৰৰ ৰচনা আৰু সুৰৰ গীতটিত কণ্ঠদান কৰিছে সাগৰিকাই।

প্ৰেছ ক্লাবৰ সভাপতি মদন বৰুৱাৰ সঞ্চালনাত সঞ্চালিত হোৱা গীত উন্মোচনী সভাত অসম চৰকাৰৰ মীন বিভাগৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত শিক্ষক শশাঙ্ক হাজৰিকা, সংগীত শিল্পী শোনিত শংকৰ,ভাঙা টিভিখ্যাত দীপজ্যোতি ডেকা, সংগীত শিল্পী টুটুমনি হাজৰিকা, সাংস্কৃতিক কৰ্মী কুশল ডেকা,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক নিৰঞ্জন শইকীয়াৰ লগতে মঙলদৈ প্ৰেছ ক্লাবৰ সম্পাদক লক্ষী নন্দন কলিতাসহ প্ৰেছ ক্লাবৰ সদস্য সকল উপস্থিত থাকে।

গীত উন্মোচনী অনুষ্ঠান বক্তব্য আগবঢ়ায় ক্ৰমে গুৰুজ্যোতি দাস, শশাঙ্ক হাজৰিকা, শোণিত শংকৰ, কুশল ডেকা,হেমচন্দ্ৰ ডেকা আৰু নিৰঞ্জন হাজৰিকাই। বক্তব্য ত বক্তা সকলে শিল্পী গৰাকীক শুভেচ্ছা জনোৱাৰ উপৰিও গীত টি ৰাইজে আদৰি লব বুলি আশা প্ৰকাশ কৰে।

assam mangaldai