/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/Capture-9.png)
ডিজিটেল সংবাদ,মঙলদৈ: শুকুৰবাৰে মঙলদৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় নুপুৰ কালচাৰেল একাডেমীৰ ভাৰত নাট্যম নৃত্যৰ দিক্ষান্ত সমাৰোহ ।সমাৰোহত ২০ গৰাকী ভাৰত নাট্যম শিক্ষাৰ্থীক দিয়া হয় জুনুকা পিন্ধাই দীক্ষা ।
নুপুৰ কালচাৰেল একাডেমিৰ গুৰু জাহ্নৱী ভাৰ্গবে ২০০৮ চনতে প্ৰতিষ্ঠা কৰি এই একাডেমিৰ পৰা লক্ষ্ণৌৰ ভাটখাণ্ডেৰ জৰিয়তে এতিয়ালৈকে ৬০ গৰাকী নৃত্য শিল্পীক দিলে দীক্ষা ৷সমাৰোহত শিক্ষাৰ্থী সকলে ভাৰত নাট্যম নৃত্যৰে নিজ নিজ প্ৰতিভা প্ৰদৰ্শন কৰিলে উপস্থিত দৰ্শকৰ আগত ৷
দীক্ষান্ত সমাৰোহত জাহ্নৱী ভাৰ্গৱৰ গুৰু ড° অনামিকা দেৱী গোস্বামী, গুৰু বিপুল দাসৰ উপৰিও বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত, বিশিষ্ট চিকিৎসক তথা সমাজসেৱক ডা° অমৰেন্দ্ৰ নাৰায়ন দেৱ, মঙলদৈ মহাবিদ্যালয়ৰ নৱনিযুক্ত অধক্ষ্য ড° কমলা কান্ত বৰা, মঙলদৈ মহাবিদ্যালয় অৱসৰী অধ্যাপক বিচিত্ৰ কুমাৰ মেধী, মঙলদৈ মহাবিদ্যালয় অৱসৰী অধ্যাপক পৰেশ শৰ্মা,শচিন্দ্ৰ চহৰীয়াৰ লগতে মঙলদৈ চহৰৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷