/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/sitt.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: ধূলা কাণৰ তদন্তৰ বাবে "বিশেষ তদন্তকাৰী গোট " (SIT Team ) বুধবাৰে উপস্থিত হয় মঙলদৈ পুলিচ অতিথি শালাত ৷ মঙলদৈ ধূলাৰ তেৰ বছৰীয়া কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হয় দলটি ৷
যোৱা ১১জুনত SSB ৰ জোৱান কৃষ্ণ কমল বৰুৱাৰ ঘৰত মৃত্যু হৈছিল কিশোৰী গৰাকীৰ ৷প্ৰায় ৪ বছৰ ধৰি কাম কৰা হিচাপে আছিল কিশোৰী গৰাকী ।জোৱান কৃষ্ণ কমল বৰুৱাই ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ ৷
ঘটনাৰ সঠিক তদন্ত নকৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দৰঙৰ আৰক্ষী অধীক্ষ ৰাজমোহন ৰায় , অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন , ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু ধূলা থানাৰ তদন্ত কাৰী বিষয়া আনোৱাৰ হুছেইন ক নিলম্বন কৰিছিল ৷লগতে অসম চৰকাৰে এখন ৫ জনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিছিল ৷তাৰ পাছতেই বুধবাৰে তদন্তৰ বাবে মঙলদৈত উপস্থিত দলটো।
উল্লেখযোগ্য যে তদন্তকাৰী দলটি পুৱাৰভাগত ঢেকীয়াজুলিৰ কিশোৰী গৰাকীৰ পিতৃৰ ঘৰত উপস্থিত হয় ৷ তাৰ পিছতে দলটি মঙলদৈ আৰক্ষীৰ অতিথি শালাত উপস্থিত হৈ দৰং আৰক্ষীৰ অভিবাদন অভিবাদন গ্ৰহন কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তদন্ত কাৰী দলৰ দেৱৰাজ উপাধ্যায়ে প্ৰকাশ কৰে যে মূখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে উক্ত বিষয়টো গুৰুত্ব সহকাৰে তদন্ত আৰম্ভ কৰা হৈছে, ইতিমধ্যে এই তদন্ত সম্পৰ্কে লগ কৰিব লগীয়া লোক সকল লগ কৰাৰ লগতে ঘটনাৰ লগত সম্পৰ্ক থকা ঠাই সমুহ পৰ্যবেক্ষণ কৰা হৈছে। তদন্তৰ খাতিৰত আৰু অধিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে বিষয়া গৰাকী।
আৰু পঢ়ক: স্বাধীনতাৰ ৭৫ বছৰ পাছতো ভাৰত বহু পিছপৰি ৰৈছে, ভাৰতক ১নম্বৰ ৰাষ্ট্ৰ বনামেই: কেজৰিৱাল