বিশেষ চৰ্চাত মঙলদৈৰ এখন বিয়া…

বিশেষ চৰ্চাত মঙলদৈৰ এখন বিয়া…

author-image
asomiyapratidin
New Update
বিশেষ চৰ্চাত মঙলদৈৰ এখন বিয়া…

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত বুধবাৰে অনুষ্ঠিত হোৱা এখন বিয়াই এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। ফুলন্টি আৰু গৌতমৰ বিয়া খনে সমাজলৈ কঢ়িয়াই আনিছে এক বিশেষ বাৰ্তা।

Advertisment

কিয়নো আনৰ ঘৰত কাম কৰি পিতৃ-মাতৃৰ লগতে নিজকে পোহ পাল দিয়া ফুলন্টি হৰিজনৰ ঘৰ দৰঙৰ দলগাওঁত। মঙলদৈৰ বীৰেন বৰুৱাৰ ঘৰত কাম বন কৰা হিচাপে আছে কেইবা বছৰ ধৰি।

যি সময়ত সমাজৰ একাংশ মুখা পিন্ধা ভদ্ৰ লোকে ঘৰত বন কৰা ছোৱালীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ বাতৰি আমি পঢ়িবলৈ পাঁও সেই সময়তে মঙলদৈৰ বীৰেণ বৰুৱাই মানৱতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

বৰুৱাই নিজৰ ঘৰত বন কৰা হিচাপে ৰখা ফুলণ্টিক নিজৰ ভনী/ কন্যাৰ দৰে সোন ৰূপৰ গহনা, চোফা আদি সমস্ত যা যোগাৰ দি মঙলদৈৰ ৰাধা কৃষ্ণ মন্দিৰত বিয়া বিয়া পাতে ওদালগুৰি জিলাৰ কলাইগাঁওৰ দৰা গৌতম হৰিজন স'তে। বিবাহ কাৰ্য সমাপন কৰে ছোৱালীৰ পিতৃ ৰূপী বীৰেন বৰুৱাই। ছোৱালী গৰাকীক এনেদৰে বিয়া দিবলৈ পায় আনন্দিত বীৰেন বৰুৱা আৰু তেখেতৰ পৰিয়াল।ইয়াৰ পিছতেই এই বিয়াখনে বিশেষ চৰ্চা লাভ কৰিছে।

assam marriage