মঙলদৈ জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়কক আটক

মঙলদৈ জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়কক আটক

author-image
asomiyapratidin
New Update
মঙলদৈ জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়কক আটক

ডিজিটেল সংবাদ,‌মঙলদৈ: মঙলবাৰে মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে মঙলদৈ জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়ক আটক কৰে। তথ্য জনাৰ অধিকাৰৰ তথ্য লুকুৱাৰ অভিযোগত মঙলদৈ জলসিঞ্চন বিভাগৰ উচ্চবৰ্গৰ সহায়ক উমেশ চন্দ্ৰ ডেকাৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰিছিল গিতুমনি ডেকা নামৰ আৰ টি আই কৰ্মী এজনে ।

Advertisment

গিতুমনি ডেকাৰ এজাহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে সোধপোছৰ বাবে আটক কৰে উমেশ চন্দ্ৰ ডেকাক ।
উল্লেখযোগ্য যে ২০২০-২১ আৰু ২১-২২ ৰ M&R ৰ কামৰ তথ্য বিচাৰি গিতুমণি ডেকাই যোৱা ০৮-০৩-২২ তাৰিখে বিভাগটোত এখন আবেদন কৰে ।

কিন্তু সম্পূৰ্ণ এমাহ উকলি যোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াত ০৬- ০৪- ২২ তাৰিখে পুনৰ বিভাগীয় কাৰ্যালয়ত তথ্য বিচাৰি আহে যদিও আবেদন খনেই বিভাগৰ পৰা নোহোৱা কৰি দিয়ে উচ্চবৰ্গৰ সহায়ক উমেশ চন্দ্ৰ ডেকাই । এই অভিযোগ আৰটিআই কৰ্মী গৰাকীৰ ।

ইয়াৰোপৰি Tender ৰাজহুৱা নকৰাকৈ বিভাগীয় অভিযন্তা নৃপেন দাসে বচা বচা ঠিকাদাৰক ১৫ ৰ পৰা ২০ পাৰ্চেণ্ট লৈ কাম আবন্টন দিয়াৰো অভিযোগ দিয়ে RTI কৰ্মী গৰাকীয়ে । অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

আৰু পঢ়ক: পুত্ৰৰ মৃত্যুত অসহায় হৈ পৰিছে দুৰ্দান্ত ৰ'নাল্ডো !

assam mangaldai