৩ দিন পাছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি চুৰি কৰি লৈ গ'ল গাড়ী

মালিকলৈ বুলি চিঠি লিখি চোৰে লৈ গ'ল গাড়ী। লগতে চিঠিত লিখি থৈ গ'ল- তিনি দিন পাছত গাড়ী ঘূৰাই দিম ,কাকো নকবি

author-image
Asomiya Pratidin
New Update
৩ দিন পাছত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি চুৰি কৰি লৈ গ'ল গাড়ী

ডিজিটেল সংবাদ,মঙলদৈঃ মালিকলৈ বুলি চিঠি লিখি চোৰে লৈ গ'ল গাড়ী। লগতে চিঠিত লিখি থৈ গ'ল- তিনি দিন পাছত গাড়ী ঘূৰাই দিম ,কাকো নকবি,টেনচন নলবি।

Advertisment

মঙলদৈত সংঘটিত হৈছে এই আজৱ ঘটনা। মঙলদৈৰ শাকতোলাত আব্দুল আজিজ নামৰ ব্যক্তিগৰাকী ঘৰৰ পৰা মঙলবাৰে দোকমোকালিতে এ এচ ০১এফ এৰ ৭৫৫২ নম্বৰ BREZZA গাড়ী খন চুৰি কৰি নিলে চোৰে। পুৱা প্ৰায় ৪-৩০ বজাত এই চুৰি কাণ্ড সংঘটিত হয়।

চোৰে গাড়ী খন পদুলিলৈ উলিয়ায় নিবলৈ ধৰোতেই গৃহস্থই সাৰ পায়। কিন্তু তেতিয়ালৈকে চোৰে গাড়ী খন ৰাস্তালৈ লৈ যায়। গৃহস্থই গাড়ী চোৰক পাছে পাছে খেদে যদিও গাড়ী খন ৰাখিব নোৱাৰিলে।

গাড়ীখন নিয়াৰ সময়ত গৃহস্থলৈ এখন চিঠি এৰি থৈ যায় চোৰে। যত কয় যে তেওঁ ৩ দিন পাছত গাড়ী ঘূৰাই দিব। আৰক্ষীক কলে অৱশ্যে তেওঁ ঘূৰাই নিদিয়ে। লগতে চিন্তা কৰিবলৈ আহ্বান জনায়।

এই ঘটনাৰ পাছতে আব্দুল আজিজে মঙলদৈ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। সেই এজেহাৰৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই গাড়ী চোৰক।

Also Read: গৰু আনিব গৈ বজ্ৰ পৰি কৃষকৰ মৃত্যু...

Assam police