গৰু আনিব গৈ বজ্ৰ পৰি কৃষকৰ মৃত্যু...

কামপুৰ মাজৰআটি গাঁৱত অঘটন। পথাৰত কৰ্মৰত অৱস্থাত বজ্র পৰি এজন লোকৰ মৃত্যু।

author-image
Asomiya Pratidin
New Update
গৰু আনিব গৈ বজ্ৰ পৰি কৃষকৰ মৃত্যু...

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰৰ মাজৰআটি গাঁৱত মঙলবাৰে বিয়লি ব্ৰজপাতত এজন কৃষকৰ মৃত্যু হয়।মৃত কৃষক গৰাকী আনন্দ ভূঞা(৬৫) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিষয়ে জানিব পৰা মতে পথাৰৰ পৰা গৰু আনিব গৈ আকস্মিক ভাৱে মৃত্যুমুখত পৰে লোকজন। বিভিন্ন সামাজিক কামৰ লগত জড়িত থকাৰ লগতে এগৰাকী আদৰ্শ কৃষক হিচাপে অঞ্চলবাসীৰ মাজত পৰিচিত আনন্দ ভূঞাৰ মৃত্যু শোঁকৰ ছাঁ পৰিছে।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে  নগাঁৱলৈ প্ৰেৰন কৰিছে।কৃষকগৰাকীয়ে পত্নীৰ লগতে তিনি পুত্ৰ সন্তানক এৰি গৈছে।

Also Read: আজিৰে পৰা চিলাপথাৰৰ বাৰূৱতীত বিহু সন্মিলনঃ থলুৱা ক্ৰীড়া প্ৰতযোগিতা...