মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন…

মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন…

author-image
asomiyapratidin
New Update
মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত প্ৰাক ৰঙালী বিহু উদযাপন…

ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈৰ ভেবাৰঘাট প্ৰাথমিক বিদ্যালয়ত বিদ্যালয়ৰ ছাত্র- ছাত্রী তথা শিক্ষক শিক্ষয়িত্ৰী সকলে বুধবাৰে প্ৰাক ৰঙালী বিহু উদযাপন কৰে । শিক্ষানুষ্ঠাখনৰ প্ৰধান শিক্ষক আৰু সহ শিক্ষক শিক্ষয়িত্ৰী সকলৰ সহযোগিতাত  প্ৰাক্-ৰঙালী বিহু আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়।

Advertisment

উক্ত অনুষ্ঠানত  অভিভাৱক সকলেও অংশগ্ৰহণ কৰাতো আছিল প্ৰাক ৰঙালী উদযাপন এক অন্যতম লক্ষ্যনীয়। প্ৰাক ৰঙালী বিহু উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত একক বিহু নৃত্য ,ঢোল-বাদন, দলীয় নৃত্য উপৰিও বিহুৰ লগত জড়িত ঋতু,মাহ কাপোৰ,অলঙ্কাৰ,ফুল,কৃষি,বাদ্য যন্ত্ৰ আদিৰ ওপৰত বক্তৃতাৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

আনহাতে অনুষ্ঠানৰ শেষত বক্তব্য প্ৰসংগত বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে অসমীয়া কলা-সংস্কৃতি ৰক্ষাৰ দৰে এটি মহান উদ্দেশ্য আগত ৰাখিয়েই  তেওঁলোকে এনে এটি অনুষ্ঠান ৰঙালী বিহুৰ প্ৰাকক্ষণত বিদ্যালয়ত অনুষ্ঠিত কৰিছে বুলি মত পোষণ কৰে ।

আৰু পঢ়ক: ৰঙিয়াত চাঞ্চল্য! দুৰ্বৃত্তই লুটি নিলে নগদ ৩ লাখ ৯০ হাজাৰ টকা…

assam mangaldai bihu