প্ৰতিবাদত উত্তাল মঙলদৈ…

প্ৰতিবাদত উত্তাল মঙলদৈ…

author-image
asomiyapratidin
New Update
প্ৰতিবাদত উত্তাল মঙলদৈ…

ডিজিটেল সংবাদ, মঙলদৈ: খাদ্য সামগ্ৰীৰ, নিত্য ব্যৱহাৰ্য সামগ্ৰী ,জীৱনদায়িনী ঔষধৰ লগতে ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে মঙলদৈত অসম জাতীয়তাবাদী যুৱছাত্ৰৰ পৰিষদৰ দৰং জিলা সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

Advertisment

জিলা পুথিভঁৰালৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ মঙলদৈ চহৰ খনৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। সংগঠনটোৱে অসমৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰীৰ পুত্তলিকাও দাহ কৰে। লগতে সংগঠন টোৱে জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, অসম চৰকাৰক এখন মিছলীয়া চৰকাৰ আখ্যা দি তীব্ৰ সমালোচনা কৰাৰ লগতে অনাগত দিনত অত্যাৱশ্যকীয় সামগ্ৰী,ইন্ধনজাত সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ মুল্য হ্ৰাস নকৰিলে প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কৰ ঘৰে ঘৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

অন্য খবৰ পঢ়ক: সাৱধান, মাছ ধৰিলে বিপদত পৰিব আপুনি …

assam ajycp protest