/asomiyapratidin/media/media_files/2025/03/14/CidgbBK4mgdTX0XF1X5c.jpeg)
ডিজিটেল সংবাদ মানকাচৰঃ এগৰাকী ৩০ বছৰীয়া মহিলাক সম্পৰ্কীয় ভাতৃয়েই ধৰ্ষণৰ বাবে দুই লম্পটৰ হাতত গতাই দিয়াৰ দৰে এক জঘণ্য ঘটনা সংঘটিত হৈছে মানকাচৰত। জানিব পৰা মতে মানকাচৰৰ মানুল্লাপাৰাত সংঘটিত হৈছে এই ঘটনা।
ঘটনাৰ বিৱৰণ অনুসৰি এগৰাকী বিবাহ বিচ্ছেদ হোৱা ৩০ বছৰীয়া মহিলাক একেখন গাঁৱৰে সোনা মিঞা নামৰ সম্পৰ্কীয় ভাতৃ, বোৱাৰীয়ে ৬ মাৰ্চৰ সন্ধিয়া প্ৰায় ৭ বজাৰ নিজৰ ঘৰলৈ মাতি নিয়ে। ইফালে সেই সময়ত পূৰ্বৰে পৰা তাত উপস্থিত আছিল অখিৰুল ইছলাম আৰু বাচচা মিঞা নামৰ দুই লম্পট যুৱক।
মহিলাগৰাকী সম্পৰ্কীয় ভাতৃৰ ঘৰত উপস্থিত হোৱাৰ পাছতেই তেওঁলোকে ধনৰ বিনিময়ত দুই লম্পটৰ হাতত গতাই দিয়ে মহিলাগৰাকীক। তাৰ পাছত সোনা মিঞাৰ ঘৰৰ পুখুৰীৰ পাৰতে মহিলা গৰাকীক দুই লম্পটে বলপূৰ্বক ধৰ্ষণ কৰে।
ইফালে অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হৈ মহিলাগৰাকীয়ে চিঞঁৰ বাখৰ কৰি নিজকে ৰক্ষা কৰিবলৈ কৰা চেষ্টাত অসুস্থ হৈ পৰে। পাছত ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীৰ বৃদ্ধ মাতি অৱগত হোৱাত তেওঁ হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰে আৰু সোনা মিঞা, বাচ্চা মিঞাৰ সহযোগত হাটশিঙিমাৰীৰ জিলা চিকিৎসালয়ত তেওঁক ভৰ্তি কৰে।
ইফালে মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰাৰ পাছতে সোনা মিঞা আৰু বাচ্চা মিঞাই তাৰ পৰা পলায়ন কৰে। মহিলাগৰাকীৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটতাত তেওঁক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে।
এই ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাগৰাকীৰ বৃদ্ধ মাতৃয়ে খাৰুৱাবান্ধা আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ। এই এজাহাৰৰ ভিত্তিতে ধৰ্ষণ কাৰ্যত জড়িত বাচ্চা মিঞা আৰু ধৰ্ষণ কৰিবলৈ ব্যৱস্থা কৰি দিয়া সোনা মিঞাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
অৱশ্যে বৰ্তমানেও পলাতক হৈ আছে আন এটা অভিযুক্ত ধৰ্ষণকাৰী আখিৰুল ইছলাম। ঘটনা সন্দৰ্ভত অঞ্চলটোত চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সমান্তৰালকৈ তিনিওৰে ফাঁচীৰ দাবী তুলিছে ভুক্তভোগীৰ পৰিয়ালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us