পলম নকৰি শীঘ্ৰেই গৈ আহক মানস ৰাষ্ট্ৰীয় উদ্যান...

পলম নকৰি শীঘ্ৰেই গৈ আহক মানস ৰাষ্ট্ৰীয় উদ্যান...

author-image
Asomiya Pratidin
New Update
পলম নকৰি শীঘ্ৰেই গৈ আহক মানস ৰাষ্ট্ৰীয় উদ্যান...

পলম নকৰি শীঘ্ৰেই গৈ আহক মানস ৰাষ্ট্ৰীয় উদ্যান...

ডিজিটেল ডেস্কঃ আপোনাৰ বাৰু এই সপ্তাহত মানাস ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ পৰিকল্পনা আছেনেকি? যদি আপুনি এই সপ্তাহত এবাৰ মানস ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ পৰিকল্পনা কৰিছে তেন্তে পলম নকৰি শীঘ্ৰেই এপাক গৈ আহক।

Advertisment

কিয়নো শীঘ্ৰেই পৰ্যটকৰ বাবে বন্ধ হৈ পৰিব এই ৰাষ্ট্ৰীয় উদ্যানখন। এই বিষয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে এক জাননীৰ যোগে সদৰি কৰিছে।

সেই জাননী অনুসৰি ১৫ মে'ৰ পৰা হাতী চাফাৰী, ৰিভাৰ ৰাফটিং বন্ধ হ'ব মানাস ৰাষ্ট্ৰীয় উদ্যানত। একেদৰে ৫ জুনৰ পৰা বন্ধ হ'ব জীপ চাফাৰী।

উল্লেখ্য যে, প্ৰতিবছৰে এই সময়খিনিতে মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হয়। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

আনহাতে এই সময়ছোৱাত বেঁকী নৈৰ পানী বঢ়া-কমা হৈ থাকে। সেয়ে ১৫ মে'ৰ পৰা বন্ধ কৰা হৈছে ৰাফটিং।

সেইদৰে হাতী চাফাৰী সমগ্ৰ অসমত মে’ মাহৰ আৰম্ভণিৰ সময়ৰ পৰাই বন্ধ হৈ আহিছে। অৱশ্যে অসম চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱা হেতুকে মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কিছু দিন বঢ়াই দিয়া হৈছে।

সেয়ে মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী ১৫ মে'লৈকে অব্যাহত থাকিব। ৫ জুনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত অব্যাহত থাকিব জীপ চাফাৰী।

ইয়াৰ পাছত সম্পূৰ্ণ ৰূপে ৰাষ্ট্ৰীয় উদ্যানখন বন্ধ হৈ পৰিব। অৱশ্যে বাৰিষা অন্ত পৰাৰ পাছতে প্ৰায় ৩ মাহৰ পাছত পুনৰ এই ৰাষ্ট্ৰীয় উদ্যানখন পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হব।

Also Read: এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ'ল মাজুলীৰ বিধায়ক ভুৱন গাম...

মানস ৰাষ্ট্ৰীয় উদ্যান